তিনিচুকীয়া জিলাৰ ফিল’বাৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ন-হোলোং ভুুঞা গাওঁ প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী অনুষ্ঠান দেওবাৰে সামৰণি পৰে।দুদিনীয়া কাৰ্যসূচীৰে ফিল’বাৰী ৩ নং ন-হোলোং ভুুঞা গাওঁৰ সংঘৰ নামঘৰত আয়োজন কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, ন-হোলোং ভুুঞা গাওঁ প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী কাৰ্যসূচী শনিবাৰে প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে সামূহিক প্ৰাৰ্থানাৰে আৰম্ভ হোৱা সোণালী জয়ন্তী কাৰ্যসূচীৰ, মূল তোৰণ উন্মোচন কৰে তিনিচুকীয়া জিলা পৰিষদৰ সদস্যা ভানু সোনোৱালে, গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰে বুঢ়ীদিহিং গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্যা কবিতা চুতীয়া ভূঞাই, দাপোণ অনুষ্ঠান উদ্ধোধন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ন-হোলোং প্ৰাৰ্থমিক শাখাৰ সম্পাদক বদন গগৈয়ে, মুখামুখি অনুষ্ঠান উদ্ধোধন কৰে বিষ্ণু গগৈয়ে, সঞ্চালন কৰে ফিল’বাৰী হাইস্কুলৰ শিক্ষক মনোৰঞ্জন সোনোৱালে আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গুণ বৰুৱা আৰু বাবুল ঠাকুৰীয়া ।সন্ধিয়ালৈ অনুষ্ঠিত হয় তিনিচুকীয়া জিলা ভিত্তিক দিহানাম প্ৰতিযোগিতা। দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে প্ৰাথমিক সেনাবাহিনীৰ তত্বাৱধানত পৰিৱেশ নিকাকৰণ, বৃক্ষ ৰোপণ কৰে পূৰ্বাঞ্চল আঞ্চলিক শাখাৰ প্ৰতিষ্ঠাপক সম্পাদক দেৱকান্ত সন্দিকৈ আৰু ন-হোলোং ভূঞা গাওঁ প্ৰাৰ্থমিক শাখাৰ প্ৰতিষ্ঠাপক সম্পাদক বিপিন গগৈয়ে, পতাকা উত্তোলন কৰে ন হোলোং ভূঞা গাওঁ প্ৰাথমিক শাখাৰ সভাপতি জিতু তপন বড়াই। ইয়াৰ পিছত বৰ্ণাঢ্য ভাগৱত শোভাযাত্ৰা অনুষ্ঠিত হয়। বৰ্ণাঢ্য ভাগৱৰ শোভাযাত্ৰাত অঞ্চলটোৰ জাতীয় জনগোষ্ঠীয় সাংস্কৃতিক দলেও অংশগ্ৰহণ কৰে। দিনৰ দুই বজাৰ পৰা আৰম্ভ হয় মুকলি সভা আৰু গ্ৰন্থ উন্মোচনী সভা। ন-হোলোং ভূঞা গাওঁ প্ৰাথমিক শাখাৰ সভাপতি জিতু তপন বড়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভাৰ আত ধৰে সম্পাদক বদন গগৈয়ে। মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পৱিত্ৰ প্ৰাণ বৰা, লোকনাথ বৰুৱা, লোকেশ্বৰ নাথ, মিনাৰাম বৰগোহাঞি, বিমল বুঢ়াগোঁহাই আৰু সুৰ্য কুমাৰ শইকীয়া। নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে মৃণাল কুমাৰ বৰুৱা। সোণালী জয়ন্তী কাৰ্যসূচীৰ লগত সংগতি ৰাখি কবি সাহিত্যক কিৰণ খনিকৰৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ “স্বৰ্ণৰত্ন” উন্মোচন কৰে শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ তিনিচুকীয়া জিলাৰ প্ৰাক্তন সম্পাদক ধিৰেণ হাজৰিকাই। সন্ধিয়া নৃসিংহ মূৰাৰী ভাওনা প্ৰদৰ্শন হয়। ভাওনাৰ দাতা ৰূপাইৰ ভীমকান্ত গগৈ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…