অকণ শইকীয়া সোঁৱৰণী চিত্ৰকলা কেন্দ্ৰ আৰু অলকানন্দা কলামণ্ডলৰ যৌথ উদ্যোগত সদৌ অসম ভিত্তিত এখনি চিত্ৰাংকন আৰু সাধুকোৱা প্ৰতিযোগিতা অনুষ্ঠিত হয়। লকডাউনৰ সময়ত অনলাইন যোগে সম্পন্ন হোৱা এখনি প্ৰতিযোগিতাৰ পৰা চূড়ান্ত পৰ্যায়লৈ নিৰ্বাচিত হোৱা প্ৰতিযোগীসকলক লৈ আজি কাকজান দুলীয়া গাঁও তিনি আলিস্থিত শংকৰ-আজান জাতীয় বিদ্যালয়ত এই প্ৰতিযোগিতাখনি অনুষ্ঠিত হয়। স্মৃতি তৰ্পণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শংকৰ-আজান জাতীয় বিদ্যালয়ৰ সঞ্চালক পৱন বৰুৱাৰ লগতে প্ৰতিযোগিতা উদ্বোধন কৰে ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ প্ৰবীন কলিতাই । প্ৰতিযোগিতাৰ শেষত অনুষ্ঠিত মুকলি সভাত প্ৰয়াত শিক্ষাবিদ, সমাজকৰ্মী ৰবীন দুৱাৰাদেৱক শ্ৰদ্ধা জনাই অভিভাৱকসকলে এভাগি আধ্যাত্মিক গীত দলীয়ভাৱে পৰিৱেশন কৰে। সভাত বিশিষ্ট অতিথি হিচাপে শিক্ষাবিদ অতুল দলৈ, শান্তিছাঁয়া শইকীয়া, বিশিষ্ট কবি ৰঞ্জিত গগৈ, যুৱনেতা সিদ্ধাৰ্থ বৰুৱা, মানৱজ্যোতি ভূঞা আৰু সাংস্কৃতিক কৰ্মী ডালিমি বৰবৰাই অংশগ্ৰহণ কৰে। উক্ত মুকলি সভাতে দুয়োটা অনুষ্ঠানৰ শিশুসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে উপস্থিত ৰাইজক আপ্লুত কৰে। সভাৰ শেষত পুৰস্কাৰ লাভ কৰা শিশুসকলক বঁটা প্ৰদান কৰা হয়। সাধুকোৱা প্ৰতিযোগিতাত অনুস্মিতা দত্তই প্ৰথম স্থান, প্ৰিন্স পলীন কাশ্যপ বৰদলৈয়ে দ্বিতীয় স্থান, মমী চেতিয়াই তৃতীয় স্থান আৰু দিপান্বীতা বৰুৱা, স্বপ্নীল মাহলি আৰু ৰিয়ান শইকীয়াই উদগনি বঁটা লাভ কৰে। আনহাতে চিত্ৰাংকন প্ৰতিযোগিতাৰ ‘ক’ শাখাত প্ৰিয়াষা ফুকনে প্ৰথম স্থান, ৰেইহান ৰহমানে দ্বিতীয় স্থান আৰু প্ৰিন্স পলীন ক্শ্যপ বৰদলৈয়ে তৃতীয় স্থান লাভ কৰে। ‘খ’ শাখাত অৰুনাংশু বৰাই প্ৰথম স্থান, সুভানন গগৈয়ে দ্বিতীয় স্থান আৰু সুদৰ্শন শইকীয়াই তৃতীয় স্থান লাভ কৰে। ‘গ’ শাখাত দৃষ্টিশিখা হাজৰীকাই প্ৰথম স্থান, অয়নজ্যোতি নাথে দ্বিতীয় স্থান আৰু অন্তৰীক্ষা শইকীয়াই তৃতীয় স্থান লাভ কৰে। অনুষ্ঠানত উপস্থিত সমূহ ৰাইজে অনুষ্ঠানটিৰ প্ৰতি সন্তোষ্টি প্ৰকাশ কৰাৰ লগতে ভৱিষ্যত সময়ত পুনৰ এনেধৰণৰ প্ৰতিযোগিতা আয়োজন কৰিবলৈ আয়োজক সমিতিৰ প্ৰতি আহ্বান জনায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…