ঐতিহাসিক শ্ৰীশ্ৰী নতুন কমলাবাৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ সত্যজিত মহন্তৰ সভাপতিত্বত সত্ৰ পৰিচালনা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত সৰ্বসন্মতি ক্ৰমে সত্ৰ কেন্দ্ৰীক কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ সভাত লোৱা সিদ্ধান্ত অনুসৰি সত্ৰৰ সাংস্কৃতিক উন্নয়ন তথা সাংস্কৃতিক প্ৰতিভা বিকাশৰ সকলো দিশ পৰ্যবেক্ষণ কৰিবৰ বাবে জনাৰ্দন ভূঞাক সভাপতি আৰু দেৱেন চন্দ্ৰ ভূঞাক সম্পাদক হিচাপে লৈ এখন সাংস্কৃতিক উপ-সমিতি সৰ্বসন্মতি ক্ৰমে গঠন কৰা হয় ৷ সভাই কমলাবাৰী তিনিআলিত সত্ৰলৈ সোমাই অহা প্ৰৱেশ পথত এখনি ড° নাৰায়ণ চন্দ্ৰ গোস্বামী প্ৰভুৰ স্মৃতিত তোৰণ নিৰ্মাণৰ সিদ্ধান্তত সহমতত উপনীত হয় ৷ আন এক সিদ্ধান্ত মৰ্মে সত্ৰলৈ কোনো তীৰ্থযাত্ৰী তথা অন্য ধৰ্মানুৰাগীয়ে দান-বৰঙণি আগবঢ়ালে উক্ত সামগ্ৰী বা পূঁজি সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ হাতত অৰ্পণ কৰিব লাগে বুলি সভাই সহমত প্ৰকাশ কৰে ৷ ইয়াৰ উপৰিও সত্ৰৰ চৌহদত ৰাতি দহ বজাৰ পিছত কোনো অচিনাক্ত লোক প্ৰৱেশ কৰিব নোৱাৰিব লগতে মদ্যপান কৰা লোকৰ প্ৰৱেশত বাধা আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰূপালী পৰ্দাত কি অভিনয় কৰিব কৰিশ্মাই !
- জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হয়নে…
- আমেৰিকা যুক্তৰাষ্ট্ৰত মৰমী-মেঘৰঞ্জনীৰ কথক নৃত্যৰ অনুষ্ঠান আৰু কৰ্মশালা…
- চতুৰ্থ ফেডাৰেচন কাপ ৰোল বল চেম্পিয়নশ্বিপৰ বাবে পুৰুষ –মহিলাৰ ৰাজ্যিক দল ঘোষণা…
- কোকৰাঝাৰত কোনে মাৰিব শেষ হাঁহি ! বিশাল নিৰ্বাচনী সভাৰ সলনি ঘৰে ঘৰে গৈ প্ৰচাৰত নামিছে নিৰ্দলীয় জোন দাসে…
- প্ৰেৰণা পুথিভঁৰালৰ নতুন দেহৰ শাখাৰ দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন…
- অসমীয়া অভিধান ‘হেমকোষ’ ৰ প্ৰণেতা, আধুনিক অসমীয়া গদ্যৰ বাটকটীয়া, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱস পালন…
- অসম সন্তান প্ৰসেনজিৎ শৰ্মাৰ অভিনৱ উদ্ভাৱন ! কৃষিখণ্ডত বিপ্লৱৰ লক্ষ্যৰে কৃত্ৰিম বুদ্ধিমত্তাৰ এপ নিৰ্মাণ , দেশৰ ১২টা ৰাজ্যিক ভাষাত উপলব্ধ এই এপ…
- জীতেন কোঁৱৰলৈ” শ্ৰমিক প্ৰাণ ২০২৪” বঁটা প্ৰদান উদ্যোগিক প্ৰতিষ্ঠান শ্ৰমিক সন্থাৰ অসমৰ…
- যৌন কেলেংকাৰীৰ অভিযোগত উত্তাল কৰ্ণাটক ! নিলম্বিত কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰজ্জ্বল ৰেভান্নাক…