অসমৰ বহুকেইটা প্ৰান্তৰৰ লগতে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰনগৰৰ মাজমজিয়াস্থিত ধনশিৰি মহকুমাৰ মহকমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত অসম জাতীয় পৰিষদ দলৰ সৰুপথাৰ সমষ্টিৰ আহবায়ক সমিতিয়ে বিক্ষোভ কাৰ্যসুচী ৰূপায়ন কৰে। যোৱা ২৮ ফেব্ৰুৱাৰী তাৰিখে নলবাৰী বিধান সভাৰ অন্তৰ্গত বাঁহজানিৰ এখনি দলীয় সভাত ভাগ লবলৈ গৈ থকা অৱস্থাত বৰভাগৰ ওচৰৰ কালাগ দৌলৰ সন্মুখত এদল বিজেপী সমৰ্থকে অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰিণজ্যোতি গগৈ সহ নেতাসকলৰ ওপৰত প্ৰাণঘাটী আক্ৰমণ চলায় । লগতে দলটোৱে হাতে হাতে বিজেপি পতাকা লৈ লুৰিণজ্যোতি গগৈৰ কনভয়ক আগচি ধৰে আৰু অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ তথা দলৰ উপদেষ্টা পুলকেশ বৰুৱাৰ গাড়ীটো আক্ৰমণৰ চেষ্টা চলায়। যাৰ পৰিপ্ৰেক্ষিত অসম জাতীয় পৰিষদ দলে বিক্ষোভ কাৰ্যসুচীৰ জড়িয়তে উক্ত বিজেপিৰ আক্ৰমণকাৰী দলটোক অতি শীঘ্ৰে কৰায়ত্ত কৰি উচিত শাস্তি বিহিবলৈ দাবী জনায় আৰু নিৰ্বাচন পক্ৰিয়াত উপযুক্ত নিৰাপত্তা ব্যৱস্থা গ্ৰহণৰ বাবে অসমৰ মুখ্য নিৰ্বাচনী বিষয়াক ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ জড়িয়তে এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।প্ৰতিবাকাৰী সকলে বিজেপি হায় হায়, লুৰিণজ্যোতি গগৈ জিন্দাবাদ, অসম জাতীয় পৰিষদ জিন্দাবাদ ধ্বনিৰে এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসম নাগালেণ্ডৰ বিবাদমান ভূমিত অসাধু ব্যৱসায়ীৰ অবৈধ শিলৰ ৰমৰমীয়া বেহা…
- কাছাৰত ছোৱাইন ফ্লুত আক্রান্ত হৈ ৪ মহীয়া শিশুৰ মৃত্যু…
- জাঁজীৰ নন্দনবন ৰিজ’ৰ্টৰ সমীপত মটৰচাইকেল-ষ্টাৰ বাছৰ মুখামুখি সংঘৰ্ষ থিতাতে নিহত এজন যুৱক…
- অৱশেষত ভগৱানৰূপী দুই বগা ঘোঁৰাৰ কাহিনী পোহৰলৈ আহিল ! ৪ মাহ পূৰ্বে হেৰাইছিল মমিন আলীৰ দুটা বগা ঘোঁৰা উদ্ধাৰ জালুকবাৰীত…
- জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…
- এজন ব্যতিক্ৰমী কৰ্মদ্যোমী বেংক বিষয়া…
- ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ কোনেও বাধ্য কৰিব নোৱাৰিব: কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্যাতিতাক দিলে গৰ্ভপাতৰ অনুমতি…
- ১৪ বছৰত ভাৰতৰ সেৱা খণ্ডৰ আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ…
- শেষ মুহূৰ্তত অথন্তৰ ! তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিব নোৱাৰিলে সুনীতা উইলিয়ামছে…
- অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে ! উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি…