Rupak Sarmah , MLA । নগাঁও – বটদ্ৰৱা সমষ্টিৰ বিভিন্ন পঞ্চায়তত চাৰিদিনত ৫৩ টা পথৰ আধাৰশিলা স্থাপনৰ পদক্ষেপ বিধায়ক ৰূপক শর্মাৰ
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে উন্নয়নৰ ৰাজনীতি কৰিছে। এই উন্নয়নৰ ধাৰা অব্যাহত থাকিব:ৰূপক শৰ্মা

মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনি আৰু পথ নবীকৰণ আঁচনিৰ অধীনত নগাঁও-বটদ্ৰৱা সমষ্টিত আজিৰে পৰা ৮ ডিচেম্বৰ পৰ্যন্ত সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তত ৫৩ টাকৈ নতুনকৈ নিৰ্মাণ হ’বলগীয়া পথৰ আধাৰশিলা স্থাপন কৰা হ’ব।পৰবৰ্তী সময়ত দ্বিতীয় পৰ্যায়ত নগাঁও পৌৰসভাৰ বিভিন্ন মহলাত নিৰ্মাণ হ’বলগীয়া পথ সমূহৰ আধাৰশিলা স্থাপন কৰা হ’ব। উক্ত আঁচনিৰ অধীনত নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শর্মাই সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তত আজি ১২ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰে ।
বিধায়ক শৰ্মাই আধাৰশিলা স্থাপন কৰা পথ সমূহ হৈছে ক্ৰমে:কাছমাৰী দলংৰ পৰা টোকোৰাবাহী গাঁও পথ,ফুলনীআটি পৰা টোকোৰাবাহী গাঁও সংযোগী পথ, ডিমৌ ৰাইদঙীয়া পথৰ পৰা ক্ষেত্রী গাঁও পথ,মাজ জাজৰি- দৰঙ্গীয়াল পঞ্চায়তৰ অন্তৰ্গত
জাজৰি জাতীয় বিশ্ববিদ্যালয়ৰ পৰা হীৰা গাঁও পথ, মাজ জাজৰি পৰা মাজগাঁও সংযোগী পথ,
মাজগাঁৱৰ পৰা মায়াবজাৰ সংযোগী পথ,মায়াবজাৰৰ পৰা মাজগাঁও শ্মশান সংযোগী পথ,
ডিমৌ ৰাইদঙীয়া পথৰ পৰা বৰডুবীয়া সংযোগী পথ,
শ্যামকলিয়া পথৰ পৰা ১ নং আদৰ্শ গাঁও পথ,শ্যামকলিয়া পথৰ পৰা ২নং আদর্শ গাঁও পথ,মাজগাঁও শান্তিপুৰৰ পৰা ন- সত্ৰ পথ আৰু ৰাইদঙীয়া – বটদ্ৰৱা পঞ্চায়তৰ
ৰমজান আলী গৃহৰ পৰা দ্বীপেন বৰদলৈ গৃহ পথ। আনহাতে আজি পথ সমূহৰ আধাৰশিলা স্থাপন কৰি সমষ্টিটোৰ বিধায়ক ৰূপক শর্মাই কয় যে নিৰ্বাচন সমাগত হোৱাৰ বাবে পথৰ আধাৰশিলা স্থাপন কৰা বুলি বহুতে হয়তো ভাবিব পাৰে। কিন্তু তেনেদৰে ভবাটো ভুল, প্ৰকৃততে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে উন্নয়নৰ ৰাজনীতি কৰিছে। এই উন্নয়নৰ ধাৰা অব্যাহত থাকিব ৷ এই অঞ্চলৰ ৰাইজে আমালৈ আবেদন নকৰাকৈয়ে এই পথ সমূহৰ বাবে আমি আচঁনি তৈয়াৰ কৰি উন্নয়ন কৰিছো ৷ বিধায়ক শৰ্মাই লগতে কয় যে এই অঞ্চল সমূহ পূৰ্বতে বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত আছিল যদিও বৰ্তমান সমষ্টি পুনৰ গঠনৰ পাচত নগাঁও- বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত হোৱাত ৰাইজৰ উপকাৰ সাধন হৈছে ৷লগতে বিধায়ক শৰ্মাই আধাৰশিলা স্থাপন কৰা পথ সমূহৰ এমাহৰ ভিতৰত কাম সম্পূৰ্ণ হ’ব বুলিও উল্লেখ কৰে।
আধাৰশিলা স্থাপন কাৰ্যসূচীত নগাঁও জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি হাজৰিকা,খাগৰিজান আঞ্চলিক পঞ্চায়তৰ সদস্য ৰাণা বৰা,লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা মৃণাল বৰা,সংমণ্ডল বিষয়া নিউটন দেউৰী,এছ অ সঞ্জয়
বিশ্বাস,কাছমাৰী জিলা পৰিষদ সদস্য প্ৰাঞ্জল দাস, বটদ্ৰৱা মণ্ডল সভাপতি ৰাজেশ কোঁৱৰ,মণ্ডল সম্পাদক দুলাল বৰা, মণ্ডল সম্পাদক শিৱ দাস,বটদ্ৰৱা মণ্ডলৰ মহিলা মৰ্চাৰ সভানেত্ৰী অৰ্চনা বৰা,উপ সভানেত্ৰী অঞ্জুমনি নাথ,
পঞ্চায়ত সভাপতি বুবুলি বৰদলৈ,ভৱজ্যোতি নাথ প্ৰমুখ্যে পঞ্চায়তৰ প্ৰতিনিধি সকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷
আনহাতে কাইলৈ নগাঁও বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ৰাইডঙ্গীয়া -বটদ্ৰৱা গাঁও পঞ্চায়ত, আইভেটি গাঁও পঞ্চায়ত,শেনছোৱা গাঁও পঞ্চায়ত,মৰঙ্গীয়াল গাঁও পঞ্চায়ততৰ বিভিন্ন স্থানত ১৫টাকৈ পথৰ আধাৰশিলা স্থাপন কৰা হ’ব। লগতে ৭ ডিচেম্বৰত পলাশনি গাঁও পঞ্চায়ত,উৰিয়া গাঁও পঞ্চায়তত ১৩ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰা হ’ব আৰু ৮ ডিচেম্বৰত ভোটাইপাথৰি গাঁও পঞ্চায়ত, শিঙিয়া পোটনী গাঁও পঞ্চায়তত আন ১৩ টা নতুনকৈ নিৰ্মাণ হ’বলগীয়া পথৰ আধাৰশিলা স্থাপন কৰা হ’ব।

