ভাৰত আৰু ৰাছিয়াই সামুদ্ৰিক চুক্তি সম্পাদন কৰি নতুন বাণিজ্য পথসমূহক ত্বৰান্বিত ।

  • প’লাৰ ৱাটাৰ প্ৰশিক্ষণ, মেক ইন ইণ্ডিয়া জাহাজ নিৰ্মাণ আৰু চেন্নাই-ভ্লাদিভোষ্টক জলপথক ভাৰত-ৰাছিয়াৰ বুজাবুজি চুক্তিয়ে এক নতুন গতি দিব
  • “প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সামুদ্ৰিক দৃষ্টিভংগীয়ে ভাৰতক ভাৰত মহাসাগৰ আৰু আৰ্কটিক পথৰ মাজত মুখ্য সংযোগকাৰী হিচাপে পৰিগণিত কৰিছে”: সৰ্বানন্দ সোণোৱাল

ভাৰত আৰু ৰাছিয়াই সামুদ্ৰিক সহযোগিতাৰ ক্ষেত্ৰত এক ঐতিহাসিক মাইলৰ খুঁটি স্থাপন কৰিলে। দুয়োখন দেশৰ মাজত সংযোগ, জাহাজ নিৰ্মাণ ক্ষমতা আৰু সামুদ্ৰিক সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে দুখন গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামুদ্ৰিক সংযোগৰ কৌশলগত গুৰুত্বৰ সন্দৰ্ভত আলোকপাত কৰি কয় যে, দুয়োখন দেশে আন্তৰ্জাতিক উত্তৰ–দক্ষিণ পৰিবহণ কৰিড’ৰ (INSTC), উত্তৰ সামুদ্ৰিক পথ (Northern Sea Route) আৰু চেন্নাই–ভ্লাদিভোষ্টক পূব সাগৰীয় কৰিড’ৰ (EMC)ৰ ক্ষেত্ৰত নতুন উৎসাহেৰে আগবাঢ়ি যাব। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে, প’লাৰ জলভাগত সামুদ্ৰিক যাত্ৰী প্ৰশিক্ষণৰ সহযোগিতাই আৰ্কটিক সহযোগিতাত এক নতুন মাত্ৰা প্ৰদান কৰিব আৰু ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে নতুন নিয়োগৰ পথ মুকলি কৰিব।

“দুয়োখন দেশৰ মাজত সংযোগ বৃদ্ধি কৰাটোৱেই আমাৰ প্ৰাধান্য। আমি আই এন এছ টি চি, উত্তৰ সাগৰীয় পথ আৰু চেন্নাই–ভ্লাদিভোষ্টক কৰিড’ৰত নতুন উৎসাহেৰে আগবাঢ়ি যাম। মই সুখী যে এতিয়াৰ পৰা ভাৰতীয় সামুদ্ৰিক যাত্ৰীসকলক প’লাৰ জলভাগৰ বাবে প্ৰশিক্ষণ দিয়াত আমি সহযোগিতা আৰম্ভ কৰিম। ই কেৱল আৰ্কটিকত আমাৰ সহযোগিতা শক্তিশালী কৰাই নহয়, ভাৰতৰ যুৱসমাজৰ বাবেও নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰিব,” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়।

“একেদৰে জাহাজ নিৰ্মাণত আমাৰ গভীৰ সহযোগিতাই মেক ইন ইণ্ডিয়াক শক্তিশালী কৰাৰ সম্ভাৱনা আছে। এয়া আমাৰ পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ আন এক উৎকৃষ্ট উদাহৰণ, যিয়ে নিয়োগ, দক্ষতা আৰু অঞ্চলভিত্তিক সংযোগ বৃদ্ধি কৰিব,” প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

প্ৰথম বুজাবুজিৰ চুক্তিখনে ভাৰতীয় সামুদ্ৰিক যাত্ৰীসকলক প’লাৰ জলভাগত কাৰ্যকৰী প্ৰশিক্ষণৰ সহযোগিতাত গুৰুত্ব আৰোপ কৰিছে। এছ টি চি ডব্লিউ (STCW) কনভেনচন আৰু প’লাৰ কৰিড’ৰৰ সৈতে সংগতি ৰাখি এই সহযোগিতাই বিশেষ প্ৰশিক্ষণ মডিউলৰ যুটীয়া নক্সা, উত্তম অভিজ্ঞতাৰ আদান–প্ৰদান, বতৰ আৰু বৰফে আবৃত অৱস্থাত নৌচালনা আৰু কাৰ্যকৰী ক্ষমতা বিকাশত সহায় কৰিব।

দ্বিতীয় বুজাবুজিৰ চুক্তি ৰাছিয়ান ফেডাৰেচনৰ সামুদ্ৰিক ব’ৰ্ড আৰু ভাৰতৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰ্যালয়ৰ মাজত স্বাক্ষৰিত হৈছে। ইয়াৰ জৰিয়তে সাগৰীয় নীতি সম্পৰ্কে নিয়মীয়া পৰামৰ্শৰ এক গুণগত ব্যৱস্থা ত্বৰান্বিত কৰা হ’ব। আন্তৰ্জাতিক আইনৰ সৈতে সংগতি ৰাখি সাগৰীয় সুৰক্ষা, নিৰাপত্তা আৰু সাগৰ–মহাসাগৰৰ শান্তিপূৰ্ণ ব্যৱহাৰত দুয়োখন দেশে সমন্বয় সাধন কৰিব।

ভাৰত–ৰাছিয়াৰ সাগৰীয় সংযোগ সহযোগিতা তিনিটা কৌশলগত বাণিজ্য কৰিড’ৰত আগবাঢ়িছে:

  • আই এন এছ টি চি-ৰ জৰিয়তে ইৰাণৰ মাজেৰে কণ্টেইনাৰ পৰিবহণ বছৰি ১,৫০,০০০ৰ পৰা প্ৰায় ৫০ লাখ টি ই ইউলৈ বৃদ্ধি পাব বুলি আশা কৰা হৈছে আৰু ভাৰতে ৰাছিয়া আৰু মধ্য এছিয়ালৈ প্ৰৱেশাধিকাৰ শক্তিশালী কৰিব।
  • উত্তৰ সাগৰীয় পথক এছিয়া আৰু ইউৰোপৰ মাজত এক কৌশলগত আৰ্কটিক চেনেল হিচাপে স্বীকৃতি দিয়া হৈছে, যিয়ে জাহাজ চলাচলৰ দূৰত্ব কমাই আনে। দুয়োখন দেশে মালবাহী পৰিবহণ আৰু জাহাজ নিৰ্মাণৰ উপ–গোটৰ সন্দৰ্ভত একমত হৈছে।
  • পূব সাগৰীয় কৰিড’ৰ (চেন্নাই–ভ্লাদিভোষ্টক) পথ পৰম্পৰাগত মুম্বাই–চেণ্ট পিটাৰ্ছবাৰ্গ পথতকৈ প্ৰায় ৪০ শতাংশ চুটি। ২০২৪–২৫ বিত্তীয় বৰ্ষত মালবাহী পৰিমাণ বৃদ্ধি পোৱাত বন্দৰৰ পৰিকাঠামো, ৰে’ল সংযোগ আৰু ৰাছিয়াৰ দূৰ প্ৰাচ্যত সাৰ, এল এন জি আদিৰ ঔদ্যোগিক উন্নয়নৰ পথ মুকলি হৈছে।

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে- এই সহযোগিতাই ভাৰতৰ সাগৰীয় উচ্চাকাংক্ষাক শক্তিশালী কৰিব আৰু সামাজিক–অৰ্থনৈতিক সুবিধা প্ৰদান কৰিব।

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে ভাৰত–ৰাছিয়া সাগৰীয় সহযোগিতাৰ এক নতুন অধ্যায় ৰচনাত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছে। মেক ইন ইণ্ডিয়াৰ অধীনত জাহাজ নিৰ্মাণ শক্তিশালী কৰি, ভাৰত মহাসাগৰৰ পৰা আৰ্কটিকলৈ কৌশলগত কৰিড’ৰৰ জৰিয়তে সংযোগ বৃদ্ধি কৰি আৰু আমাৰ সামুদ্ৰিক যাত্ৰীসকলক প’লাৰ কাৰ্যকৰীৰ বাবে অত্যাধুনিক দক্ষতাৰে সজ্জিত কৰি আমি দ্ৰুত আৰু স্থিতিস্থাপক বাণিজ্য পথ সৃষ্টি কৰিছোঁ, ভৱিষ্যতৰ বাবে চাকৰিৰ সুযোগ সৃষ্টি কৰিছোঁ আৰু বিশ্বৰ বাবে নতুন সুযোগ-সম্ভাৱনা মুকলি কৰিছোঁ। এই চুক্তিসমূহ সুৰক্ষিত, আধুনিক আৰু পাৰস্পৰিকভাৱে লাভজনক সাগৰীয় সহযোগিতাৰ প্ৰতি আমাৰ যৌথ প্ৰতিশ্ৰুতিৰ প্ৰতিফলন।”

সৰ্বানন্দ সোণোৱালে ঐতিহাসিক ভাৰত–ৰাছিয়া সাগৰীয় সহযোগিতাৰ বুজাবুজিৰ চুক্তিৰ সাক্ষী হৈ লগতে কয়, “মেক ইন ইণ্ডিয়াক শক্তিশালী কৰা, চাকৰিৰ সৃষ্টি কৰা, সমুদ্ৰযাত্ৰীসকলৰ সুবিধাৰ্থে প’লাৰ জলভাগ প্ৰশিক্ষণৰ জৰিয়তে দক্ষতা বৃদ্ধি কৰা আৰু আঞ্চলিক সংযোগ মজবুত কৰি এক যৌথ সাগৰীয় ভৱিষ্যতৰ নতুন দিগন্ত মুকলি কৰাৰ দিশত ভাৰত-ৰাছিয়াৰ ঐতিহাসিক পাৰস্পৰিক সহযোগিতা মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব।”

এই সহযোগিতাই ভাৰত মহাসাগৰ আৰু আৰ্কটিকৰ মাজত সাগৰীয় সংযোগক নতুন ৰূপ দিব আৰু ভাৰত–ৰাছিয়াৰ সম্পৰ্কক যৌথ উন্নয়ন, বিশ্বজনীন সহযোগিতা আৰু স্থিতিস্থাপক যোগান শৃংখলাৰ নেটৱৰ্কত সুপ্ৰতিষ্ঠিত এক ভৱিষ্যৎমুখী শক্তি হিচাপে স্থান দিব।

Related Articles