Breaking

দুলীয়াজান অঘটন/অস্ত্ৰধাৰী দুজনীয়া ডকাইতৰ আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা যুৱকৰ

0 2,037

দুলীয়াজান দিহিং দলঙৰ সমীপত অঘটন । দিনদুপৰতে অস্ত্ৰধাৰী দুজনীয়া ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এজন যুৱক । আহত যুৱকজন দুলীয়াজানৰ বাম হুকুটা অঞ্চলৰ ধনীৰাম গগৈৰ পুত্ৰ ডম্বৰুধৰ গগৈ (৩৮)বুলি জানিবপৰা গৈছে । প্ৰাপ্ত তথ্য অনুসৰি ৰেডিয়েণ্ট কেছ মেনেজমেণ্ট চাৰ্ভিচ নামৰ ব্যক্তিগত প্ৰতিষ্ঠান এটাৰ কৰ্মচাৰী ডম্বৰুধৰ গগৈ নামৰ কৰ্মচাৰীজনে আজি দুপৰীয়া সময়ত নগদ ৬ লাখ টকা লৈ এখন স্কুটীৰে নাহৰকটীয়াৰ পৰা দুলীয়াজানৰ অভিমুখে আহি আছিল । সেইসময়তে দুলীয়াজান-নাহৰকটীয়া সংযোগী মূল গড়কাপ্তানি পথৰ দিহিং দলঙৰ সমীপত এখন নম্বৰপ্লেট বিহীন এফ জেদ বাইকত অহা হেলমেট পৰিধানৰত দুজনীয়া ডকাইতৰ দলে যুৱকজনক আক্ৰমণ কৰি ধন লুটৰ চেষ্টা চলায় । প্ৰথমৱস্হাত যুৱকজনে পথচাৰীৰ পৰা সহায় ভিক্ষা বিচাৰে যদিও অস্ত্ৰধাৰী যুৱকক দেখি সকলোৱে নিৰাপদ দূৰত্বত অৱস্হান কৰে । ইফালে ডকাইতৰ দলটোৰ সৈতে যুৱকজনে অকলেই সাহসেৰে যুঁজি ধনখিনি সুৰক্ষিত কৰিবলৈ সক্ষম হয় যদিও ডকাইতৰ চোকা অস্ত্ৰৰ উপৰ্যপুৰি আঘাতত গুৰুতৰভাৱে আহত হয় উক্ত যুৱকজন । পাছত চেগ বুজি ডকাইতৰ দলটো ঘটনাস্থলীৰ পৰা টিংৰাই দিশে উধাও হয় । ঘটনা খৱৰৰ ভিত্তিত দুলীয়াজান আৰক্ষী ঘটনাস্হলীত উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰি দুলীয়াজান অইল ইণ্ডিয়া হাস্পতালত ভৰ্তি কৰে । অৱশ্যে চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰা পাছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় মেডিকেললৈ প্ৰেৰণ কৰে । শেহতীয়াকৈ আৰক্ষীয়ে ঘটনাৰ সৰ্ন্দভত নিজাববীয়াকৈ তদন্ত অব্যাহত ৰাখিছে যদিও এইপৰ্যন্ত ডকাইতৰ দলটোক আটক কৰিবলৈ সক্ষম হোৱা নাই ।

Leave A Reply