Book Fair । শতবর্ষ মহোৎসৱ অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিগৰাকীলৈ কৃতজ্ঞতা প্ৰকাশ অসম সাহিত্য সভাৰ । ২ আৰু ৩ ডিচেম্বৰত অনুষ্ঠিত হৈ যোৱা অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যালয় চন্দ্রকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱ উপলক্ষ্যে প্রকাশিত ‘জোনাকী’, ‘ৰাধাকান্ত সন্দিকৈ ডাঙৰীয়া’, অসম সাহিত্য সভাৰ দস্তাবেজ ‘চন্দ্রকান্ত সন্দিকৈ ভৱন: ঐতিহ্য আৰু ৰূপান্তৰৰ এষণা’ আৰু শেহতীয়াকৈ প্রকাশিত ‘কেঞ্চাৰৰ বিৰুদ্ধে মোৰ সংগ্রাম: আক্রান্তৰ পৰা নিবৃত্তিলৈকে’ গ্রন্থ কেইখন দুদিনীয়া কাৰ্যসূচীৰ মাজতে ক্ষুদ্র গ্রন্থ বিপণীৰ পৰা বিক্রী হোৱাত সভাই লাভ কৰিছে পৰম আনন্দ। অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই এক সংবাদ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিয়া অনুসৰি ২ ডিচেম্বৰৰ দিনা উন্মোচন হোৱা গ্রন্থকেইখন ক্ৰয়ৰ প্রতি উপস্থিত ৰাইজৰ উছাহ দেখি অসম সাহিত্য সভাৰ বিষয়ববীয়াকে ধৰি শুভাকাংক্ষীসকল অভিভূত হৈছে। উল্লেখযোগ্য যে মহোৎসৱৰ সময়ছোৱাত আঠ ঘণ্টাত ১,০৯,০০০.০০ (এক লাখ ন হাজাৰ) টকাৰ গ্রন্থ বিক্রী কৰি সভাই অভূতপূর্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। অন্যহাতে ৩ ডিচেম্বৰৰ দিনা অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাহিত্য অকাদেমিৰ অৱসৰপ্ৰাপ্ত সচিব ড’ কে. শ্রীনিবাস ৰাৱে “অসম সাহিত্য সভাৰ দৰে বৃহৎ অনুষ্ঠান লাভ কৰি অসমবাসী ধন্য হৈছে” বুলি আগবঢ়োৱা বক্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে।সাংস্কৃতিক সমাবেশ উদ্বোধন কৰি ভাৰতকণ্ঠ, জনপ্রিয় কণ্ঠশিল্পী দেৱজিৎ সাহাই ভাষণ প্রসংগত কোৱা “বৰাক-ব্রহ্মপুত্র নদীমাতৃক অসম। মই অসমৰে সন্তান কাৰণেই সভাৰ দাবীক সম্মান জনাই এই মহোৎসৱত যোগ দি ধন্য হ’লোঁ।” শীৰ্ষক মনোগ্ৰাহী আৰু সমন্বয়ৰ সাৱলীল ভাষণেও বৰাক ব্রহ্মপুত্র উপত্যকাৰ সমন্বয়ৰ শৈলবান্ধ অধিক দৃঢ় কৰাৰ ক্ষেত্ৰত অসম সাহিত্য সভাৰ বৰ্তমানৰ কাৰ্যনিৰ্বাহক সমিতিখনৰ পদক্ষেপক ভূয়সী প্রশংসা কৰাই সভাৰ পৰিৱেশ অধিক আলোকময় হৈছে বুলি সৰ্বত্ৰ বিয়পি পৰিছে।
ইফালে শতবর্ষ মহোৎসৱ অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী সভাৰ কার্যনির্বাহক সদস্য, প্রত্যেকখন উপসমিতিৰ বিষয়ববীয়া, আমন্ত্রিত অতিথি, মুখ্য অতিথি, সন্মানীয় অতিথি, সাংস্কৃতিক দল সদৌটিকে আন্তৰিক ধন্যবাদ-কৃতজ্ঞতা জ্ঞাপনৰ লগতে শতবর্ষ মহোৎসৱ অনুষ্ঠান উপলক্ষে গঠিত উদযাপন সমিতিৰ কাম-কাজ, যোৰহাটবাসীৰ আতিথ্য তথা আন্তৰিক সহযোগিতাত অনুষ্ঠানটো সফলভাৱে সম্পন্ন হোৱাত সহায় কৰিলে বুলি উল্লেখ কৰি অসম সাহিত্য সভা সদায় কৃতজ্ঞ হৈ থাকিব বিজ্ঞপ্তিটোত প্ৰকাশ পাইছে।।

