Sivasagar News: শিৱসাগৰৰ কেইজনমান উদীয়মান যুৱক পৌৰসভাই উচ্ছেদ কৰা আশী উৰ্ধৰ বৰ্ষীয়ান বৃদ্ধাৰ সহায়ৰ বাবে আগবাঢ়িল

এটা ভাল খবৰ ৷(Sivasagar News) “মানৱতা এক জটিল নিদৰ্শন” । অৱশেষত কাঞ্চাৰ দোকানখন পুনৰ আৰম্ভ হ’ব ৷ পৌৰসভাই উচ্ছেদ কৰা পাছতে আঁশী উদ্ধৰ বৰ্ষীয়ান বৃদ্ধাৰ সহায়ৰ বাবে আগবাঢ়ি আহিল শিৱসাগৰৰ কেইজনমান উদীয়মান যুৱকে । শিৱসাগৰ পৌৰসভাৰ স্মাৰ্ট নগৰ, স্মাৰ্ট চিটিৰ সপোনে পদপথৰ ক্ষুদ্ৰ ব্যৱসায়িক আনিছিল ৰাজপথলৈ । শিৱসাগৰ নগৰৰ মাজমজিয়াৰ নাট্য মন্দিৰৰ সন্মুখত থকা আশী উৰ্ধৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী আছিল কাঞ্চা ৷ যি গৰাকী ব্যক্তিয়ে এখন ঠেলাত কেইটামান মৰ্টন, চানা, আমলা আদি লৈ বিক্ৰী কৰিছিল পদপথত ৷

কিন্তু শেহতীয়াকৈ পৌৰসভাৰ নলা নৰ্দমা নতুন নিৰ্মাণ আৰু নগৰৰ পথ বহল কৰিবলৈ গৈ উচ্ছেদ কৰিব লগা হ’ল এই গৰাকী ব্যক্তিক। প্ৰায় আশী উৰ্ধৰ এইগৰাকী ব্যক্তিয়ে জীৱন সংগ্ৰাম চলাই যাব লগা হৈছে পদ পথতেই বহি । উন্নয়ন আমাক লাগে, এইটো ঠিক কিন্তু সমান্তৰাল ভাৱে এই সকল খাটি খোৱা ক্ষুদ্ৰ ব্যৱসায়ীৰ কথাও আমি ভবাৰ প্ৰয়োজন আছে ৷ অৱশেষত এই গৰাকী ব্যক্তিক সহায়ৰ বাবে আগবাঢ়ি আহিল আয়ুস গগৈকে আদি কৰি বহু কেইজন স্থানীয় উদীয়মান যুৱক ৷

Related Articles