Workshops: কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰত্যক্ষ সহযোগত আৰু শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ব্যৱস্থাপনাত কৰ্মশালা

কলিয়াবৰ(Workshops) মহাবিদ্যালয়ৰ প্ৰত্যক্ষ সহযোগত আৰু শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ব্যৱস্থাপনাত ৬ ডিচেম্বৰ, শনিবাৰে ‘কৃত্ৰিম বুদ্ধিমত্তা আৰু ২১ শতিকাত ইয়াৰ প্ৰয়োজনীয়তা’ শীৰ্ষক এক শৈক্ষিক কৰ্মশালা অনুষ্ঠিত হয়। শিশু বিদ্যাপীঠৰ লগতে কলিয়াবৰৰ আন বাৰখন উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰা এই কৰ্মশালাত বৰ্তমান সময়ৰ বহুলভাৱে প্ৰয়োগ হোৱা কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তাৰ বিভিন্ন দিশৰ বিষয়সমূহে স্থান লাভ কৰে।

কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্ভাৱনীমূলক গোট ইনষ্টিটিউটচ ইন’ভেচন কাউন্সিলৰ সহযোগত অনুষ্ঠিত এই কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে কম্পিউটাৰ প্ৰযুক্তি বিশেষজ্ঞ মিনহাজউদ্দিন আনচাৰী আৰু কলিয়াবৰ মহাবিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ৰক্তিম বৰা। কৰ্মশালাটিৰ আৰম্ভণীতে শিক্ষাৰ্থীসহ সমল ব্যক্তিসকলক আদৰণী জনায় শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল পৰিচালনা সমিতিৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াই।

ইনষ্টিটিউটচ ইন’ভেচন কাউন্সিলৰ তত্বাৱধায়ক প্ৰত্যুষ গগৈয়ে কৰ্মশালাটোৰ বিষয়ে ব্যাখ্যা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োজনীয়তাৰ বিষয়ে বক্তব্য আগ বঢ়ায়। অনুষ্ঠানত কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ উত্তম কুমাৰ বৰুৱাই শেহতীয়াকৈ দুয়োটা শিক্ষানুষ্ঠানৰ মাজত হোৱা শৈক্ষিক চুক্তিৰ জৰিয়তে সামগ্ৰীকভাৱে কলিয়াবৰৰ শৈক্ষিক উত্তৰণত সহায় কৰিব বুলি মতপোষণ কৰে। অনুষ্ঠানটোত ড০ বশিষ্ঠ কলিতা, চিৰঞ্জীৱ বেজবৰুৱা, অংশগ্ৰহণকাৰী বিদ্যালয়ৰ শিক্ষকৰ লগতে শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া তথা শিক্ষকসকল উপস্থিত থাকে।

Related Articles