শ্ৰী শ্ৰী সৌকাজান সত্ৰত চানেকি ৰাইজৰ বাবে উৰ্চগীত হ’ল গুৰু আসনত শোদিত বৃন্দাবনী বস্ত্ৰৰ কিয়দাংশৰ

নাজিৰাৰ আদ্য গজলা শ্ৰী শ্ৰী সৌকাজান সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমূল্য সৃষ্টি বৃন্দাবনী বস্ত্ৰক ডেকা সত্ৰীয়া অমৃত মহন্তৰ নেতৃত্বত চানেকি অনুসৰণ কৰি কাঠত খোদিত কৰি প্ৰস্ত্তত কৰাৰ কাম সম্পূৰ্ণ কৰি তুলিলে । সপ্তগ্ৰাম আধ্যাত্মিক আৰু সাংস্কৃতিক কলাক্ষেত্ৰ সমন্বয় সমিতি আৰু মঠীয়াছিগাবাসী ৰাইজৰ উদ্যোগত শিৱসাগৰ জিলাবাসী ৰাইজ আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত  ৩ মাৰ্চত ৰাইজৰ বাবে মুকলি কৰে শ্ৰী শ্ৰী দক্ষিণ পাত সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ননী গোপাল দেৱগোশ্বামীয়ে ।

খোদিত চিত্ৰ সমূহ বৃন্দাবনী বস্ত্ৰৰ এটি অংশহে বুলি  উল্লেখ কৰি ডেকা সত্ৰীয়া অমৃত মহন্তই মূল বৃন্দাবনী বস্ত্ৰভাগ প্ৰকৃততে বিদেশৰ যাদুঘৰতহে আৱদ্ধ হৈ থকাত অসমৰ মানুহে এই শিল্প কৰ্মৰ উমান পাব পৰাকৈ এখনি গুৰু আসন আৰু এখনি ফলকত উপস্থাপন কৰি তুলিছে । ৰাইজৰ মাজলৈ আগবঢ়াই দি সত্ৰাধিকাৰ শ্ৰী শ্ৰী ননী গোপাল দেৱগোশ্বামীয়ে গুৰুজনাৰ অমৰ সৃষ্টি মানৱ সমাজৰ বাবে এক আধ্যাত্মিক চেতনাবোদ্ধ পৰম ঈশ্বৰ কৃষ্ণ  জাগ্ৰত ধাৰাই শুদ্ধিআত্মাৰ চিৰ শান্তি কঢ়িয়াই আনে বুলি মন্তব্য কৰে । কাৰ্য্যসূচীত পুৱা ৫ বজাত প্ৰাতঃ প্ৰসঙ্গ, ৬ বজাত বন্তি প্ৰজ্বলন কৰিব শ্ৰী শ্ৰী আদ্য গজলা সৌকাজান সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী গংগাধৰ মহন্তই । ধৰ্মধ্বজা উত্তোলণ কৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তই । অনুষ্ঠানত শ্ৰী শ্ৰী গজলা সত্ৰৰ সত্ৰাধিকাৰ , শ্ৰী শ্ৰী দিহিং ন – মাটি সত্ৰৰ সত্ৰাধিকাৰ আদিকে ধৰি বিভিন্ন প্ৰান্তৰ পৰা অহা সমবেত ভকত – বৈষ্ণৱৰ পদধূলাই নাজিৰা মঠিয়াছিগা “বৃন্দাবনী ক্ষেত্ৰ” দ্বিতীয় বৈকুণ্ঠত পৰিণত কৰে । 

Related Articles