National Handicraft Week 2025: ভাৰতৰ সমৃদ্ধ হস্তশিল্প ঐতিহ্যক উদযাপন আৰু সংৰক্ষণৰ লক্ষ্যৰে গুৱাহাটীস্থিত PWD Convention and Training Centre-ত দেওবাৰে বৰ্ণাঢ্যভাৱে উদ্বোধন কৰা হয় ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ, ২০২৪। দেশজ শিল্প-সংস্কৃতিক পুনৰ উজ্জীৱিত কৰাৰ উদ্দেশ্যে আয়োজিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে খ্যাতনামা গুরু শিল্পা বঁটা প্ৰাপক শ্ৰী মন্তু চন্দ্ৰ দাস। তেওঁৰ উপস্থিতিয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ শিল্পী সমাজৰ মাজত নতুন আত্মবিশ্বাস আৰু গৌৰৱৰ অনুভৱ জাগ্ৰত কৰে।

ডিচেম্বৰ ৮ৰ পৰা ১৪ তাৰিখলৈ দেশব্যাপী পালন কৰা এই সপ্তাহখন স্বাধীনতা সংগ্ৰামী আৰু ভাৰতৰ পৰম্পৰাগত হস্তশিল্প পুনৰুজ্জীৱনৰ পথিকৃৎ শ্ৰীমতী কমলাদেবী চট্টোপাধ্যায়ৰ অমুল্য অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰে। দেশজ শিল্পৰ সংৰক্ষণ আৰু বিকাশৰ ক্ষেত্ৰত তেওঁৰ দৰ্শন আৰু অদম্য মনোবল আজিও বহু শিল্পী আৰু সংগঠনৰ বাবে প্ৰেৰণাস্বৰূপ।
Development Commissioner (Handicrafts), NERO-ৰ কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত এই উদ্বোধনী অনুষ্ঠানত Assistant Director (Handicrafts) শ্ৰী থাংজাম জয়ন্ত সিংে সপ্তাহজোৰা বিভিন্ন কাৰ্যসূচীৰ বিষয়ে বিশদ ব্যাখ্যা আগবঢ়ায়। অনুষ্ঠানত চৰকাৰী বিষয়া, শিল্পী, হস্তশিল্প প্ৰেমী আৰু সাধাৰণ দৰ্শকৰ উল্লেখযোগ্য উপস্থিতি দেখা যায়।
ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহৰ অংশ হিচাপে দৰ্শকৰ বাবে আয়োজন কৰা হৈছে বহু-বৰ্ণিল আৰু আকৰ্ষণীয় কাৰ্যসূচী—
হাতেকলমে হস্তশিল্প প্ৰদৰ্শন, সচেতনতামূলক কাৰ্যসূচী, দক্ষতা বৃদ্ধিৰ কৰ্মশালা, লগতে উত্তৰ-পূৰ্বাঞ্চলৰ চিৰাচৰিত শিল্প-সংস্কৃতিকে প্ৰতিফলিত কৰা এক সমৃদ্ধ প্ৰদৰ্শনী।
Craft Demonstration-cum-Awareness Programme ডিচেম্বৰ ১০ তাৰিখলৈ চলি থাকিব, আৰু মূল হস্তশিল্প প্ৰদৰ্শনী ডিচেম্বৰ ১৪ তাৰিখলৈ জনসাধাৰণৰ বাবে মুকলি থাকিব। এই প্ৰদৰ্শনীটোৱে পৰম্পৰাগত শিল্পীৰ সৃষ্টিশীল জীৱন, নিপুণ হাতৰ কাম আৰু সাংস্কৃতিক বৈচিত্ৰ্যক এক মনোমুগ্ধকৰ দৃশ্যপটত উপস্থাপন কৰিব।
ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহে গুৱাহাটীৰ মঞ্চত ভাৰতীয় শিল্প-সংস্কৃতিৰ এক উজ্জ্বল প্ৰতিচ্ছবি দাঙি ধৰাৰ লগতে স্থানীয় শিল্পীৰ প্ৰতিভাক দেশবাসীৰ আগত নতুনকৈ চিনাকি কৰোৱাৰ এক গুৰুত্বপূৰ্ণ সুযোগ হিচাপে পৰিগণিত হৈছে।

