আনৰ কণ্টেণ্ট চোৰ কৰা কংগ্ৰেছৰ সভাপতি এইবাৰ নিজেই কন্টেত হৈ পৰিছে পাকিস্তানৰ । গৌৰৱ গগৈক তুলা-ধুনা নেটিজেনৰ

কংগ্ৰেছৰ সভাপতি হৈ আনৰ কন্টেত চোৰ কৰি সামাজিক মাধ্যমত দি খিলঞ্জীয়াৰ বিশেষ দিনত পোষ্ট কৰি লজ্জানত হৈছিল গৌৰৱ গগৈ ৷ সেই গৰাকী গৌৰৱ গগৈক এইবাৰ অন্য এক কাৰণত নেটিজেনৰ পৰা পাইছে তুলা-ধুনা ৷ এইবাৰ পাকিস্তানী মিডিয়াৰ অৰিজিনেল কণ্টেণ্ট হৈ পৰিছে গৌৰৱ গগৈ ৷ চলিত বৰ্ষৰ জুলাই মাহতো পাকিস্তানী মিডিয়াৰ নয়নৰ মণি হৈ পৰিছিল গৌৰৱ গগৈ৷ সংসদৰ অধিৱেশনত অপাৰেশ্যন সেন্দুৰত ভাৰতে পোৱা সফলতাক বিফলতা বুলি প্ৰতিপন্ন কৰিবলৈ উঠি পৰি লাগিছিল গৌৰৱ গগৈ ৷ গৌৰৱ গগৈৱে সেই সময়ত সংসদত দিয়া ভাষণক লৈ পাকিস্তানী মিডিয়াই বহু বাতৰি পৰিবেশন কৰিছিল। পাকিস্তানী মিডিয়াই গৌৰৱ গগৈক প্ৰশংসাৰে উপচাই পেলাইছিল ৷

একে সময়তে গৌৰৱৰ ভাষনক আধাৰ হিচাপে লৈ মোদী চৰকাৰৰ বিৰুদ্ধে পাকিস্তানী মিডিয়াই চলাইছিল অপপ্ৰচাৰ ৷ গৌৰৱ গগৈয়ে সেই সময়ত সংসদত যি সমূহ ভাষণ ৰাখিছিল সেই সমুহ যেন পাকিস্তানী মিডিয়াৰ শ্ৰুতলিপিত হে কৈছিল ৷ গৌৰৱে কৈছিল ভাৰতৰ পাঁচখন ৰাফেল বিমান যুদ্ধত হেৰাই গৈছিল ৷ কেৱল সেয়াই নহয়, এছ আই আৰক লৈও গৌৰৱ গগৈয়ে যি সমূহ টুইট কৰে সেয়া গুৰুত্বসহকাৰে পাকিস্তানী মিডিয়াই অৰিজিনেল কণ্টেণ্ট হিচাপে প্ৰকাশ কৰে ৷ গৌৰৱ গগৈয়ে টুইট কৰি কৈছিল ভাৰতত বৰ্তমান যি চৰকাৰ আছে সেয়া অগণতান্ত্ৰিক। সাধাৰণ দৃষ্টিত চাবলৈ গলে এয়া সহজ কথা যেন লাগিলেও এয়া এক চিন্তনীয় বিষয়।

পাকিস্তানী মিডিয়াই গৌৰৱে টুইট কৰাৰ পাছতেই নিজৰ প্ৰপাগেণ্ডা চলাবলৈ পুনৰ আৰম্ভ কৰিছে। গৌৰৱ গগৈৰ টুইটক লৈ বিভিন্ন কন্টেট বনাই অপপ্ৰচাৰ কৰে পাকিস্তানী মিডিয়াই ৷ লগতে গৌৰৱ গগৈয়েও প্ৰথমটো টুইট পাকিস্তানী মিডিয়াত পৰিবেশন কৰা দেখা পায়ে উৎসাহিত হৈ কিছুসময়ৰ পাছতে দ্বিতীয়টো টুইট কৰে ৷ লগে লগে বিষয়টোক লৈ আৰু সংবাদ মাধ্যমত বক্তব্য ৰাখে। গৌৰৱৰ এনে টুইটক লৈ আনকি কিছু পাকিস্তানী নেটিজেনে উল্লেখ কৰে যে এইবাৰ সংসদৰ অধিৱেশনত গৌৰৱ গগৈয়ে মোদী চৰকাৰ যে অগণতান্ত্ৰিক সেয়া প্ৰমাণ কৰি দিব। পাকিস্তানে আই এছ আই, তেওঁলোকৰ মিডিয়া আৰু তৃতীয় শক্তিৰ জৰিয়তে ভাৰতৰ বৰ্তমানৰ চৰকাৰখনক অগণতান্ত্ৰিক বুলি প্ৰমাণিত কৰিবলৈ অহৰ্নিশে চেষ্টা কৰি আহিছে। পাকিস্তানৰ এনে কাণ্ড আন্তঃৰাষ্ট্ৰীয় মঞ্চতো ভাৰতৰ বাবে অতি উদ্বেগজনক হৈ পৰাৰ সম্ভাৱনাই দেখা দিছে । যিসময়ত ভাৰতে নিজৰ শক্তি আন্তঃৰাষ্ট্ৰীয় মঞ্চত শক্তিশালী হিচাপে প্ৰতিস্থা কৰিবলৈ কৰিবলৈ আৰম্ভ কৰিছে, সেই সময়ত পাকিস্তানৰ এনে অপপ্ৰচাৰে ভাৰতক অৱনমিত কৰি তুলিব পাৰে। এই ক্ষেত্ৰত পাকিস্তানে চলাই অহা অপপ্ৰচাৰক সহায় কৰাৰ বাবে নেটিজেনে গৌৰৱ গগৈক দিছে তুলাধূনা ৷ নেটিজেনৰ স্পষ্ট কথা পাকিস্তানে ভাৰতৰ বিৰুদ্ধে কৰি থকা এনে কাণ্ডত গৌৰৱে সহায় কৰি আহিছে ৷

Related Articles