শ্বহীদ নগৰী ঢেকীয়াজুলিৰ শ্বহীদ ময়দানত উদ্‌যাপন শ্বহীদ দিৱস

শ্বহীদ নগৰী ঢেকীয়াজুলিৰ শ্বহীদ ময়দানত আজি উদ্‌যাপন কৰা হয় শ্বহীদ দিৱস ৷ উল্লেখ্য যে অসম আন্দোলনৰ শ্বহীদ সকলক সোঁৱৰি অসম চৰকাৰৰ উদ্যোগত আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদ্‌যাপন কৰা হৈছে শ্বহীদ দিৱস ৷

সমান্তৰালভাৱে ঢেকীয়াজুলি সম-জিলা প্ৰশাসনৰ উদ্যোগত শ্বহীদ নগৰী ঢেকীয়াজুলিৰ শ্বহীদ ময়দানত আজি উদ্‌যাপন কৰা হয় জাতীয় শ্বহীদ দিৱস ৷

আজিৰ উক্ত শ্বহীদ দিৱসৰ অনুষ্ঠানত অসমৰ আন্দোলনৰ জাতীয় শ্বহীদ সকলক সোঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ঢেকীয়াজুলি সম-জিলাৰ আয়ুক্ত দ্যোতিভা বৰা,ঢেকীয়াজুলি ৰাজহচক্ৰ বিষয়া নয়নজ্যোতি পাঠক,বিশিষ্ট সমাজকৰ্মী ৰমেশ চন্দ্ৰ বৰা,ঢেকীয়াজুলি পৌৰসভাৰ পৌৰনেত্ৰী সুস্মিতা দাস,সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শংকৰ দাস,সমাজকৰ্মী কাজল বৰাৰ লগতে বহুতো বিশিষ্ট লোক উপস্থিত থাকে ৷

Related Articles