ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বহুল প্ৰচাৰিত শ্লোগান-সবকা সাথ সবকা বিকাশ আৰু বিশ্বাস অসাৰ হ’ল । তিতাবৰ সমষ্টিৰ ৰঙাজান গাওঁ পঞ্চায়ত এলেকাৰ বুৰুক বৰুৱা চেকনিধৰা গাঁৱৰ এটা পৰিয়ালৰ কৰুণ গাঁথাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰ এই শ্লোগান টোক প্ৰত্যাহ্বান জনাইছে । এই শ্লোগান টো আজি ৭ বছৰে মোদীৰ শাসন কালত তিতাবৰ সমষ্টিৰ ৰঙাজান গাওঁ পঞ্চায়ত এলেকাৰ বুৰুক বৰুৱা চেকনিধৰা গাঁৱৰ অনিল বৰা আৰু পুৰবী বৰাৰ সংসাৰ খনে অনুভৱ কৰিব নোৱাৰিলে। এখন চালিৰ তলতে আজিও বাস কৰিছে এই দুৰ্ভগীয়া পৰিয়ালটো।কোনো চৰকাৰী আঁচনিৰ মুখ দেখা নাই অনিল বৰা আৰু পুৰবী বৰাৰ পৰিয়ালে । ৪টা সন্তানৰ সৈতে এই পৰিয়ালটোক মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালতো এটি ইন্দিৰা আৱাস যোজনাৰ ঘৰ দি উপকৃত কৰিব নোৱাৰিলে । ৰঙাজানৰে মুখ্যমন্ত্ৰী গগৈৰ জন্ম স্থান আছিল আৰু ৰঙাজানৰে এই দুৰ্ভগীয়া পৰিয়ালটো আজিও উৰুখা চালিত মুকলি ঠাইত বাস কৰিছে । স্বচ্ছ অভিযান আঁচনি খনেও উপলুঙাহে কৰিলে পৰিয়ালটৌক । নি:কিন দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটোক বৰ্তমানৰ বিজেপি চৰকাৰৰ ৫ বছৰেও এটা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীন আঁচনিত সাঙুৰি পৰিয়ালটোক উদ্ধাৰ কৰিব নোৱাৰিলে । উন্নয়নৰ বক্তৃতাৰ ফুলজাৰি মৰা সৰ্বানন্দ সোণোৱালৰ বিজেপি মিত্ৰ চৰকাৰে এই দুখীয়া পৰিয়ালটোক জীয়াই থকাৰ নিৰাপত্তা দিব নোৱাৰিলে। দিন হাজিৰা কৰি পোহ পাল দিছে পিতৃ অনিল বৰাই । সবকা সাথ সবকা বিকাশ আৰু বিশ্বাসৰ শ্লোগান দিয়া সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰ চৰকাৰে পুনৰ এই গৃহহীন দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত আগন্তুক নিৰ্বাচনত কেনেকৈ ভোট ভিক্ষা মাগিব, ই মৰ্য্যাদাৰ প্ৰশ্ন। অৱশ্যে এইটো এটা মাত্ৰ দৃষ্টান্তহে । এনেদৰে তিতাবৰ সমষ্টিৰ চুকে কোণে বহুতো দুখীয়া দৰিদ্ৰ পৰিয়ালে দৰিদ্ৰতাৰ সতে আজিও যুঁজিয়ে আছে । আগন্তুক নতুন চৰকাৰে এই দৰিদ্ৰ পৰিয়াল টোক অনাময় আঁচনি ৰ লগতে এটা জীয়াই থকাৰ বাবে উপযোগী ঘৰ পৰিয়ালটোক আগবঢ়ায় সকাহ দিব ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কংগ্ৰেছ নেতা সঞ্জয় নিৰুপমৰ শিৱসেনাত যোগদান…
- বিদেশত পুনৰ অনন্ত-ৰাধিকাৰ প্ৰাক বিবাহ অনুষ্ঠান! অতিথি তালিকাত কোন কোন আছে…
- কাৰ্বি আংলং জিলাৰ কংগ্ৰেছ কমিটিৰ সভাপতি বিশিষ্ট সমাজ সেৱক চুম ৰংহাংৰ দেহাৱসান…
- কৰিমগঞ্জৰ বাৰইগ্ৰামত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ ৬ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী…
- চলিত বিত্তীয় বৰ্ষৰ সমাপ্তিৰ পূৰ্বে মুঠ এনপিএৰ পৰিমাণ ৬,০০০ কোটি টকাৰ তললৈ নমাই অনাৰ পৰিকল্পনা ইউকো বেংকৰ…
- বৰাখাটৰ মহেশ্বতা বিদ্যামন্দিৰৰ সমীপত নিয়ম বৰ্হিভূতভাৱে পেট্ৰ’ল পাম্প স্থাপন চেষ্টাৰ অভিযোগ…
- ওৰাং আৰক্ষীৰ সফলতা, চামুগুৰিৰ টেকেলীপোটা গাঁৱৰ পৰা গভাইত চোৰক গ্ৰেপ্তাৰ…
- মূৰৰ বিষ, কঁকালৰ বিষ আৰু মানসিক স্বাস্থ্যৰ সমস্যা বেছি মহিলাৰ! পুৰুষতকৈ মহিলাৰ স্বাস্থ্য অতি দুৰ্বল…
- বি আৰ এম চৰকাৰী আইন মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ…
- নেপালৰ নতুন ১০০ টকীয়া নোটত অন্তৰ্ভুক্ত কৰা হ’ব বিবদমান ভূমিৰ মানচিত্ৰ…