সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ, গুৱাহাটী মহানগৰ সমিতি আৰু গুৱাহাটী ভলীবল ক’চিং চেন্টাৰৰ সহযোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দিবা-নৈশ ভলীবল প্ৰতিযোগিতাখনি আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ জৰ্জ খেলপথাৰত অনুষ্ঠিত কৰা হয়। ১৩ আৰু ১৪ ডিচেম্বৰত মহানগৰীৰ জৰ্জ ফিল্ড দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই প্ৰতিযোগিতা।

প্ৰথম দিনৰ কাৰ্যসূচীত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা সত্য গোঁহায়ে খেলপথাৰ উদ্বোধন কৰাৰ লগতে প্ৰতিযোগিতাখনিৰ শুভাৰম্ভ কৰে অসম পৰিবহন নিগমৰ উপাধ্যক্ষ প্ৰণৱজ্যোতি লহকৰে। পতাকা উত্তোলন কৰে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ সভাপতি উদয় শংকৰ মহনে আৰু স্মৃতি তৰ্পক হিচাপে উপস্থিত থাকে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱা।

প্ৰথম দিনৰ কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম অলিম্পিক সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দাদুমণি বৰা, অসম হেণ্ডবল সন্থাৰ সাধাৰণ সম্পাদক অমল নাৰায়ণ পাটোৱাৰী, লেখক-সাংবাদিক কমল কুমাৰ, বিশিষ্ট সমাজসেৱক কল্যাণ জ্যোতি গগৈ আৰু কমল কুমাৰ দাস। দেওবাৰে অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় দিনাৰ কাৰ্যসূচীত চুড়ান্ত প্ৰতিযোগিতাৰ উদ্বোধক হিচাপে কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে মুকলি সভা আৰু ক্ৰীড়ালোচনীৰ উন্মোচক হিচাপে জ্যেষ্ঠ সাংবাদিক ৰাজদীপ বাইলং বৰুৱা উন্মোচক হিচাপে উপস্থিত থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।

Related Articles