আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি আজি তিনিচুকীয়া জিলা পেঙেৰী ১নং টকৌ পথাৰত মাৰাথান দৌৰ প্ৰতিযোগিতা লগতে মহিলা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। পেঙেৰীৰ ১নং টকৌ পথাৰ মহিলা সমিতিৰ উদ্যোগত তথা পেঙেৰীৰ স্থিত ১৮ নং গাড়োৱাল বেটেলিয়ান ৰাইফলচৰ সহযোগত দিনযোৰা কাৰ্যসূচীয়ে বিশ্ব মহিলা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠানৰ আয়োজন কৰা হয়। পুৱা কাৰ্যসূচী শুভাৰম্ভা কৰে ১৮ নং গাড়োৱাল বেটেলিয়ান ৰাইফলচৰ কামাণ্ডিং অফিচাৰ কৰ্ণেল জনে। ইয়াৰ পিছতে টকৌ পথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংঙ্গনত এটি গছ পুলি ৰোপন কৰা হয়। তিনিটা শাখাত অনুষ্ঠিত হোৱা মাৰাথান দৌৰ প্ৰতিযোগিতাত অঞ্চলটো কেইবা শতাধিক ছাত্ৰ -ছাত্ৰীৰ লগতে মহিলাসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি বুঢ়ীদিহীং অঞ্চলৰ বিশিষ্ট মহিলা তথা বুঢ়ীদিহীং কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষা দিপিকা মৰাণক ১নং মহিলা সমিতিৰ তৰফৰ পৰা বিশেষভাবে সন্বৰ্ধনা জ্ঞাৰ্পন কৰা হয়। বঁটা বিৰ্তৰণী ও মুকলিসভাত উপস্থিত থাকে পেঙেৰী স্থিত সেনা চাউনিৰ মেজৰ গৌৰৱ , বিশিষ্ট সাংবাদিক ৰবীন মৰান, সাংবাদিক প্ৰমোদ ভূঞাসহ অঞ্চলটো বহু সংখ্যক গণ্য-মান্য ব্যক্তি।

