কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰৰ ভাইৰিগুৰীত এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ উদ্বোধন কৰা হয়।স্থানীয় কেইজন উচ্চ শিক্ষিত যুৱকৰ ব্যক্তিগত উদ্যোগত দ্ৰোণাচাৰ্য ইংলিছ মিডিয়াম নামৰ বিদ্যালয় খন আনুষ্ঠানিক ভাৱে মুকলি কৰে বিটিচিৰ শ্ৰীৰামপুৰ সমষ্টিৰ পৰা মনোনীত পৰিষদীয় সদস্য উইলচন হাছদাই। উক্ত বিদ্যালয়খন মুকলি কৰি হাছদাই শ্ৰীৰামপুৰত ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ একাধিক বিদ্যালয় থকাৰ পাছতো এইখন বিদ্যালয় নতুনকৈ স্হাপন কৰি নিশ্চয় ছাত্ৰ-ছাত্ৰী সকলক উপযুক্ত পাঠদান কৰিব বুলি আশা প্ৰকাশ কৰে। এই উপলক্ষে পুৱা ৯-০০ বজাত বিদ্যালয়খনৰ সভাপতি হীৰামন শ্বাওৰ পৰিচালনাত অনুষ্ঠিত উদ্বোধনী সভাত উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক চন্দ্ৰশেখৰ শ্বাহই।আজিৰ উদ্বোধনী সভাৰ মুখ্য অতিথি উইলচন হাছদাই উদ্যোক্তা সকলৰ উদ্দেশ্য আৰু চিন্তাধাৰাৰ প্ৰশংসা কৰি কয় আধুনিক তথা প্ৰতিযোগিতামূলক শিক্ষা ব্যৱস্থাৰ পৰা বঞ্চিত এই অঞ্চলৰ শিক্ষাৰ্থীক প্ৰতিযোগিতামূলক পাঠগ্ৰহনৰ সুযোগ কৰি ইয়াৰ দৰিদ্ৰ তথা মেধাবী ছাত্ৰ-ছাত্ৰীক উপযুক্ত শিক্ষাদান কৰাৰ লক্ষ্য আগত ৰাখি শিক্ষিত নিবনুৱা যুৱককেইজনৰ উদ্যোগ সঁচাকৈয়ে প্ৰশংসা যোগ্য। শ্ৰীৰামপুৰ তথা পাৰ্শ্বৱৰ্তী অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলক চিবিএছচিৰ পাঠক্ৰমেৰে আৰু কেন্দ্ৰীয় বিদ্যালয় সমূহৰ পাঠদানৰ প্ৰক্ৰিয়াৰে ইয়াত নাৰ্চাৰীৰ পৰা ছাত্ৰ-ছাত্ৰীক যতনেৰে পাঠ দান কৰাই ভৱিষ্যতে উচ্চ শিক্ষাৰে শিক্ষিত কৰাৰ এই প্ৰচেষ্টাৰ প্ৰতি তেওঁৰ সম্পূৰ্ণ সহযোগ থাকিব বুলি বিটিচিৰ মনোনীত পৰিষদীয় সদস্য উইলচন হাছদাই ৰাজহুৱাকৈ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ আজি উক্ত বিদ্যালয়ৰ উন্নত আন্তঃগাঁথণিৰ বাবে এক লাখ টকা আৰ্থিক সাহায্য আগবঢ়ায়। প্ৰথমাৱস্হাত নাৰ্ছাৰীৰ পৰা পঞ্চম শ্ৰেণীলৈ ইয়াত পাঠদান কৰোৱা হ’ব।বিশেষ কৈ উক্ত বিদ্যালয়ত জওহৰ নৱোদয় বিদ্যালয়ত নামভৰ্তিৰ বাবে প্ৰতিযোগিতা মূলক পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰাকৈ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰোৱা হব বুলি জনায় প্ৰধান শিক্ষক চন্দ্ৰশেখৰ শ্বাহই। ১ এপ্ৰিল পৰা শ্ৰেণীকাৰ্য আৰম্ভ হ’ব বুলি জনায় বিদ্যালয় কৰ্তৃপক্ষই। উক্ত অনুষ্ঠানত শ্ৰীৰামপুৰ ভিচিডিচিৰ সভাপতি হৰেকৃষ্ণ দেৱনাথ,শিক্ষক তথা প্ৰাক্তন সাংবাদিক ভৱানন্দ পোদ্দাৰ,কৃষি বিষয়া মংগল টুডু,সাংবাদিক স্বপন কুমাৰ এছ প্ৰমুখ্যৰ উপৰি ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকল উপস্থিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…