বিশ্ব নাৰী দিৱসৰ সৈতে সংগতি ৰাখি আজি মহানগৰৰ খানাপাৰাস্থ হেলথ্ চিটী হাস্পতালত বৰ্ণাঢ্য কাৰ্যসৃচী ৰূপায়ন কৰা হয়। নাৰী দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ লৈ গুৱাটীৰ এপলো হাস্পতালৰ প্ৰাক্তন নাৰ্ছিং সঞ্চালিকা জিন ই মেথিউৱে নাাৰী সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়ঃ একবিংশ শতিকাত শিক্ষা-দীক্ষাৰ লগতে নাৰীয়ে সমাজৰ সকলো দিশতে পুৰুষৰ সমানেই অৰিহণা আগবঢ়াবলৈ সক্ষম হৈছে। তৎসত্ত্বেও বৃহৎসংখ্যক নাৰী আজিও বাসগৃহ, কাৰ্যালয় বা কৰ্মস্থলীত পুৰুষৰ দ্বাৰা মানসিক, শাৰীৰিক আৰু যৌন নিৰ্যাতনৰ বলি হোৱাৰ ঘটনা বাঢ়িয়েই আছে। অৰ্থনৈতিকভাৱেও নাৰী আজি নিষ্পেষিত। ই নাৰীৰ বাবে অপমানজনক। এনে নিৰ্যাতন আৰু অসাম্যৰ পৰা মুক্তি পাবলৈ হ’লে নাৰীসকলে নিজকে অধিক শিক্ষিত আৰু শাৰীৰিক-মানসিকভাৱে সবল কৰি তুলিব লাগিব। বিশ্ব নাৰী দিৱসৰ কাৰ্যসূচীত হেলথ্ চিটী হাস্পতালৰ চিকিৎসা সঞ্চালক ডাঃ বি পি চক্ৰৱৰ্তী, প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডাঃ জি চি দাস আৰু ডাঃ কল্পনা চৌধুৰী, মেডিচিন বিভাগৰ চিকিৎসক ডাঃ চন্দনা শৰ্মা প্ৰমুখ্যে চিকিৎসক-নাৰ্ছ আৰু কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে বুলি হেলথ্ চিটী হাস্পতালৰ ফেচিলিটী ডাইৰেক্টৰ পৰাগজ্যোতি দত্তই সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…