দিচৈপৰীয়া অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সংস্হা গঠন

মহুৰামুখৰ উত্তৰাঞ্চলক সামৰি উত্তৰ মহুৰা আৰু দিচৈ পঞ্চায়তৰ অন্তগৰ্ত কমলজ্যোতি  শংকৰী সাংস্কৃতিক প্ৰাথমিক কেন্দ্ৰত যোৱাকালি অৱসৰপ্ৰাপ্ত শিক্ষক যতিন বড়িৰ সভাপতিত্বত এখন সভা অনুস্ঠিত হৈ যায় ৷ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী দেৱেন পাঠৰিয়ে উদেশ্য ব্যাখ্যা দাঙি ধৰি সভাখনত দুয়োখন পঞ্চায়তৰ অধীনৰ অৱসৰপ্ৰাপ্ত শিক্ষক আৰু চৰকাৰী কৰ্মচাৰী সকলৰ বিভিন্ন সমস্যাৱলীৰ লগতে ৰাজহুৱা সামাজিক সমস্যাৰ ফলপ্ৰসু সমাধান সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰাৰ ওপৰিও এখন সমিতি গঠনৰ লক্ষ্য স্হিৰ কৰে ৷ উল্লেখ্য যে এই সভাতেই অৱসৰপ্ৰাপ্ত জেষ্ঠ কৰ্মচাৰী যতিন বড়ি, বিভুল চন্দ্ৰ দলে, জিতেন বড়ি, যোগেশ্বৰ মৰাং আৰু ৰূপেশ্বৰ মৰাংক(বৰটিকা) ৰাজহুৱাভাৱে সম্বৰ্দ্ধণা জনোৱা হয় ৷ সভাই তৎকালে কাৰ্য্যকৰী হোৱাকৈ দেৱেন পাঠৰিক সভাপতি আৰু ৰূপেশ্বৰ মৰাংক(নিকৰি বৰতল) সম্পাদক হিচাপে লৈ ১৫ জন সদস্যৰে “ দিচৈপৰীয়া অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সংস্হা ” নামেৰে সমিতিখন গঠন কৰা হয় ৷

Related Articles