গোলাঘাট চহৰত ধনৰ জোৱাৰ : বৃহৎ পৰিমাণৰ ধন জব্দ

নিৰ্বাচনৰ সময় চমূ চাপি অহাৰ লগে গোলাঘাটত ধনৰ জোৱাৰ উঠিছে। যোৱা দুদিনত বৃহৎ ৰাশি ধন জব্দ কৰা পিছতে পুনৰ আজি গোলাঘাটৰ  ধনশিৰি দলঙৰ সমীপত উদ্ধাৰ হৈছে এক লাখ নবৈ হাজাৰকৈ টকা। গোলাঘাট থানাৰ অধীনৰ ধনশিৰি দলঙৰ সমীপৰ পৰা গোলাঘাট নিৰ্বাচনী জিলাত নিয়োজিত ষ্টেটিক ছাৰ্ভিলেঞ্চ দল আৰু ফ্লায়িং স্কোৱাৰ্ডে এখন চাৰিচকীয়া বাহনৰ পৰা নগদ ১.৯০ লাখকৈ টকা জব্দ কৰে।ত্ৰিপুৰাৰ পঞ্জীয়ন নম্বৰ থকা গাড়ীখন লাহৰিজানৰ পৰা গোলাঘাট অভিমুখে আহি আছিল। নিৰ্বাচনৰ আগমূহুৰ্তত এনেদৰে ধন জব্দ হোৱা ঘটনাই এতিয়া গোলাঘাটত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। গোলাঘাট আৰক্ষীয়ে ইতিমধ্যে অনুসন্ধান অব্যাহত ৰাখিছে।

Related Articles