আদিবাসী-চাহ জনগোষ্ঠী মহিলাৰ মাজত ঋতুস্ৰাৱজনিত সমস্যাৰ ওপৰত সচেতনতা অভিযান

অসম চৰকাৰৰ চাহ জনজাতি আৰু আদিবাসী কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আৰু অসম চাহ জনগোষ্ঠী শিক্ষা সাহিত্য সংস্কৃতি বিকাশ কেন্দ্ৰ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত কামৰূপ (মহানগৰ) আৰু কামৰূপ জিলাৰ অন্তৰ্গত চাহ বাগিচা আৰু আদিবাসী অধ্যুষিত অঞ্চলত মহিলাসকলৰ ঋতুস্ৰাৱজনিত বিভিন্ন সমস্যাৰ ওপৰত সচেতনতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত সজাগতা সভাৰ দ্বাৰা সচেতনতা বৃদ্ধি কৰিবলৈ প্ৰয়াস চলোৱা হৈছে।

এইক্ষেত্ৰত স্বেচ্ছাসেৱী সংগঠনৰ হৈ সমল ব্যক্তি হিচাপে মুনমুন শইকীয়া আৰু জয়শ্ৰী চুতীয়াই উদ্বেগনা ব্যক্ত কৰে যে, আজিৰ দিনতো চাহ জনগোষ্ঠীয় – আদিবাসী সৰহ সংখ্যক মহিলা-যুৱতীয়ে ঋতুস্ৰাৱকালীন সময়ছোৱাতো পুৰণিকলীয়া প্ৰথামতেই কাপোৰ ব্যৱহাৰ কৰি আহিছে তথা ছেনিটেৰী পেড ব্যৱহাৰ সম্পৰ্কে অনভিজ্ঞ লগতে একেখিনি ছেনিটেৰী পেডকে পুনৰ ব্যৱহাৰ কৰাৰ ফলত বিভিন্ন সংক্ৰমণজনিত ৰোগত ভূগি আহিছে।

যাৰ ফলস্বৰুপে এই যুৱতী-মহিলাসকলে বহুসময়ত শাৰীৰিক-মানসিক চাপত ভূগিবলগীয়া হয়। সজাগতা সভাসমূহত উপস্থিত মহিলাসকলে এই কথাও ব্যক্ত কৰে যে, সামাজিক ভাৱে বৰ্জিত এই বিষয়সমূহ মুকলিমুৰীয়াকৈ আলোচনা নকৰাৰ ফলতো ঋতুস্ৰাৱকালীন সময়ছোৱাত ল’বলগীয়া সাৱধানতা তথা পৰিচ্ছন্নতা বৰ্তাই ৰখাৰ বিষয়ে তেওঁলোক অনভিজ্ঞ। এইক্ষেত্ৰত সচেতন মহলে, গোটেই অসমৰ চাহ জনগোষ্ঠীয়-আদিবাসী মহিলাসকলৰ মাজত ঋতুস্ৰাৱকালীন সময়ছোৱাত অৱলম্বন কৰিবলগীয়া সচেতনতাৰ ওপৰত ব্যাপক কাৰ্যসূচী নিয়মিতভাৱে অনুষ্ঠিত কৰাৰ পোষকতা কৰে।

Related Articles