অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ কাকপথাৰ সাংস্কৃতিক সংঘত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ দ্বি-বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশনখনি কালি সফল সমাপ্তি ঘটে ৷ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা স্বৰ্গীয় পৰাগ ভূঞা সোঁৱৰণী ক্ষেত্ৰ উদ্ধোধন কৰে হাতীগড় মায়ামৰা মূলনীসত্ৰৰ সত্ৰাধিকাৰ চক্ৰেশ্বৰ মহন্তই পিছতেই আৰম্ভ হয় বিভিন্ন প্ৰতিযোগিতা। প্ৰতিযোগিতা অন্তত “অ আমাৰ গাওঁ” কায্যসূচী হিচাপে অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱতী চুমনি চাপৰি গাওঁ পৰিভ্ৰমণ কৰি সমস্যাৰ বুজ লয় ত্ৰিশ জনীয়া এটি সাংবাদিক দলে ৷ দ্বিতীয় দিনা ডিৰাক চাৰিআলিৰ পৰা কাকপথাৰ সাংস্কৃতিক সংঘলৈ চেমনীয়া মাৰাথান দৌৰ প্ৰতিযোগিতাৰ পিছতেই পতাকা উত্তোলন কৰে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি ড’ ঋষি দাসে, স্মৃতি তৰ্পন কৰে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সম্পাদক ৰাণাজ্যোতি নেওগে, প্ৰয়াত সাংবাদিক পৰাগ ভূঞা প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলনৰ পিছতেই প্ৰতিনিধি সভা অনুষ্ঠিত হয় ৷ তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি ড’ ঋষি দাসে সভাপতিত্ব কৰা প্ৰতিনিধি সভাখনত জিলাখনৰ প্ৰায় শতাধিক সাংবাদিকে অংশগ্ৰহণ কৰে । প্ৰতিনিধি সভাৰ সিদ্ধান্ত মৰ্মে ডুমডুমাৰ অনুজ কলিতাক সভাপতি, মাৰ্ঘেৰিটাৰ ৰাণাজ্যোতি নেওঁগক সম্পাদক হিচাপে লৈ কৰি ২০২১-২৩ বৰ্ষৰ বাবে দায়িত্বভাৰ অৰ্পন কৰে ৷ অধিৱেশনখনিৰ লগত সংগতি ৰাখি জিলাখনৰ কবি সকলৰ মাজত ৰতন বৰা আৰু অৰুণা গগৈ বৰুৱাৰ সঞ্চালনাত ন-পুৰণি এখন কবি সন্মিলনো অনুষ্ঠিত হয় ৷ অনুষ্ঠানটোত জিলাখনৰ প্ৰায় অৰ্ধশতাধিক ন-পুৰণি কবিয়ে অংশগ্ৰহণ কৰে ৷ তৃতীয় তথা অন্তিম দিনা দলীয় নৃত্য প্ৰতিযোগিতাৰ পিছতেই মুকলি ও বঁটা বিতৰণী সভা অনুষ্ঠিত হয় ৷ মুকলি সভাত অসম বাৰ্তাজীৱী সংঘৰ সভাপতি কেশৱ কলিতা,সম্পাদক টুটুমনি ফুকন, ভাস্কৰ শৰ্মা, তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাঁই, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিৎ মৰাণ, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ মিলন বুঢ়াগোহাঁই, মটক যুৱ ছাত্ৰ সন্মিলনৰ মুখ্য উপদেষ্টা ধৰণী গোহাঁইৰ লগতে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ বহুকেইজন প্ৰাক্তন সভাপতি, সম্পাদক উপস্থিত থাকে ৷ অধিৱেশনৰ লগত সংগতি ৰাখি জনধ্বনি আৰু প্ৰতিফলন নামেৰে দুখনকৈ স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় ৷ মুকলি সভাতেই জিলা সাংবাদিক সন্থাই ভদ্ৰকৃঞ্চ গোস্বামী সোৱঁৰণী সাংবাদিকতা বঁটা সোণাৰীৰ দিপক বৰালৈ, কাকপথাৰ প্ৰেছ ক্লাবৰ প্ৰয়াত পৰাগ ভূঞা সোৱঁৰণি শ্ৰেষ্ঠ যুৱ সাংবাদিকতা বঁটা ডিগবৈ ৰিণা কাকতি গগৈলৈ আৰু প্ৰয়াত সোমেশ্বৰ কলিতা সোৱঁৰণী পৰিৱেশ সুৰক্ষা বঁটা প্ৰকৃতি প্ৰেমী কৃঞ্চকান্ত গগৈলৈ আগবঢ়াই ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োক শেষ শ্ৰদ্ধা জ্ঞাপন…
- বৰপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন যুৱক…
- মুম্বাইৰ প্ৰাণঘাতী হৰ্ডিংখনৰ গৰাকী ভৱেশ ভিন্দেক গ্ৰেপ্তাৰ…
- ইউটিউবাৰ ভাঙা টিভি চিকিৎসালয়ৰ পৰা সুস্থ হৈ উভতিল নিজ ঘৰলৈ…
- মৰিয়নীস্থিত “হোলোঙাপাৰ গিবন অভয়াৰণ্য”ত কপিকুলৰ সন্মুখত ভাবুকি ৰেল বিভাগৰ বৈদ্যুতিক খুটা…
- অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…
- বেগী বলাৰ বিচাৰি অসমৰ বিভিন্ন প্ৰান্তত অসম ক্ৰিকেট সন্থাৰ বিশেষ পদক্ষেপ…
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ মাইনুল ইছলাম নামৰ লোকজন…
- পুনৰ শিল্পীক অপমান! মঞ্চত কণ্ঠশিল্পী সান্নিধ্য ভূঞাক চৰম অপমান, কিয় বাৰে বাৰে ইজনৰ পিছত সিজন শিল্পী অপমানিত হ’ব লগা হৈছে…
- শোণিতপুৰৰ বালিপৰাত পাৰিবাৰিক কন্দলত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ…