নগৰবেৰাৰ হেকেৰাত শোকাৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুজনকৈ স্কুলীয়া ছাত্ৰ। নিহত ছাত্ৰ দুজন আব্দুল কায়ুম মাছুদ (১৪) আৰু মনোৱাৰা হুছেইন (১৫)। ছাত্ৰ দুজন সহোদৰ ভাই ককাই।নিহত ছাত্ৰ দুজন ১ নং মালিবাৰী পথাৰ গাঁৱৰ উছমান আলীৰ দুই সন্তান। বিদ্যালয় ছুটিৰ পাছত তিনিজনকৈ স্কুলীয়া ছাত্ৰই দুচকীয়া বাহনেৰে নিজ ঘৰলৈ যোৱা অৱস্থাতে হেকেৰাত তীব্ৰেবগী অবৈধ বালি কঢ়িওৱা AS-01MC-3502 নম্বৰৰ ডাম্পাৰখনে মহতিয়াই নিয়ে। আৰু থিতাতে দুই সহোদৰ ভাই ককাই আব্দুল কায়ুক মাছুদ আৰু মনোৱাৰা হুছেইনৰ মৃত্যু হোৱাৰ লগতে আহত হয় আন এজন ছাত্ৰ নাছিৰুদ্দিন।তিনিগৰাকী নগৰবেৰাৰ দোকুচি আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ বুলি জানিব পৰা গৈছে। ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। উত্তেজিত ৰাইজে দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখনৰ কিছু ক্ষতিসাধন কৰাৰ লগতে অৱৰোধ কৰে নগৰবেৰা – ধুপধৰা সংযোগী গঢ়কাপ্তানী পথ। অৱশেষত ঘটনাস্থলীত নগৰবেৰা ৰাহজ চক্ৰ বিষয়া আৰু আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰহাত ভাৰতীয় জনতা পাৰ্টিৰ পুৰণি নেতা কৰ্মীৰ কাৰ্যকৰ্তা সন্মিলন ! পুৰণি বিজেপি নেতা কৰ্মী উপেক্ষিত হৈ থকাৰ অভিযোগ…
- ৰৌতাত মুছলিম ছাত্র সন্থা (মুছা) ৰ কৰ্মশালা সম্পন্ন ! বি টি আৰত মুছলিমক ভূমি অধিকাৰ প্ৰধান কৰকঃ আশ্বিক ৰাব্বানী…
- মাজবাটৰ চিকাৰীডাঙাত ৩৭৪ কাৰ্টুন অবৈধ সুৰা জব্দ…
- বিপদত আল্লু! দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে আইনী ব্যৱস্থা…
- মাৰ্ঘেৰিটাৰ বৰগোলাইত তামাং বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ বিশাল ধৰ্মীয় শোভাযাত্ৰা…
- শিক্ষকৰ বেত্ৰাঘাতত আহত সপ্তম শ্ৰেণীৰ ছাত্ৰী…
- বকোৰ লামপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত শিশু আৰু মহিলাসহ ৭জন আঘাতপ্ৰাপ্ত…
- দেৰগাঁৱত আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস পালন…
- ৩০ বছৰ বয়সৰ পূৰ্বেই মাতৃ হৈ পৰিছে বহু শীৰ্ষ অভিনেত্ৰী, ৩০ বছৰৰ পূৰ্বে মাতৃ হোৱাৰ সুফল জানক…
- মহানগৰ আৰক্ষীৰ জালত ২টা চাইবাৰ অপৰাধী ! ইণ্টাৰনেটৰ সহায়ত প্ৰৱঞ্চনাৰ জাল মেলি লুটিছিল ২ কোটি টকা…