শেহতীয়াকৈ (Tara Sutaria) কণ্ঠশিল্পী এ পি ধিলনৰ কনচাৰ্টত দেখা গ’ল বলীউডৰ অভিনেত্ৰী তাৰা সূতাৰিয়াক। এই অনুষ্ঠানৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে, য’ত দেখা গৈছে যে এ পিয়ে তাৰাক চুম্বন কৰা। দৰ্শকৰ মাজত উপস্থিত থকা তাৰাৰ প্ৰেমিক তথা অভিনেতা বীৰ পাহাৰিয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ইয়াৰ ফলত তাৰা আৰু বীৰৰ বিচ্ছেদৰ উৰাবাতৰিৰ সৃষ্টি হৈছিল যদিও অভিনেত্ৰীগৰাকীয়ে এতিয়া নিজৰ মৌনতা ভংগ কৰিছে।
তাৰা সুতাৰিয়াই এ পি ধিলনৰ কনচাৰ্টৰ ভিডিঅ’ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে। ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে কণ্ঠশিল্পীগৰাকীৰ সৈতে মঞ্চত নাচি থকা দেখা গৈছে। অভিনেত্ৰীগৰাকীয়ে কেপচনত লিখিছে, “অতি উৎসাহ আৰু গৌৰৱেৰে আমি সকলোৱে ইয়াত আছো। এ পি ধিলন এজন প্ৰিয়। কি আচৰিত নিশা! মুম্বাই, আমাৰ গীতটোৰ প্ৰতি থকা সকলো মৰমৰ বাবে ধন্যবাদ আৰু আমি একেলগে আৰু অধিক সংগীত আৰু স্মৃতি সৃষ্টি কৰিবলৈ আশা কৰিছো।”
তাৰা সুতাৰিয়াই আৰু লিখিছে, “মিছা কথাই আমাক একো কৰিব নোৱাৰে আৰু নকৰেও! শেষত প্ৰেম আৰু সত্যই প্ৰাধান্য পায়।” তাৰাৰ সেই পোষ্টত বীৰ পাহাদিয়াইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ মন্তব্যত লিখিছে, “মোৰ ৰিয়েকচন ভিডিঅ’টো এতিয়াৰ নহয়, আন এটা গীতৰ শ্বুট কৰা সময়ৰ ভিডিঅ”
মন কৰিবলগীয়া যে তাৰা সুতাৰিয়া আৰু বীৰে চলিত বৰ্ষৰ আগষ্ট মাহত তেওঁলোকৰ সম্পৰ্কক আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছিল। ছ’চিয়েল মিডিয়াৰ জৰিয়তে দুয়োৰে সম্পৰ্ক নিশ্চিত কৰে। তদুপৰি শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত বীৰে তাৰাৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে কয় যে, “মই আনন্দিত যে আমি প্ৰথম লগ পোৱাৰ পৰাই আমাৰ প্ৰেমক মুকলিকৈ স্বীকাৰ কৰিছো।”

