ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাৱিকা, চাকৰি প্ৰাৰ্থীকে ধৰি সমাজৰ আন সকলো স্তৰৰ পঢ়ুৱৈৰ কথা মনত ৰাখি প্ৰস্তুত কৰা অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম ইয়েৰবুক ‘শৰাইঘাট অসম ইয়াৰবুক’এ এইবেলি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে । ২০০২ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশ পোৱা শৰাইঘাট অসম ইয়াৰবুক-২০২৬ গ্ৰন্থখনৰ এইবেলি তথ্যৰ মেটমৰা সম্ভাৰেৰে ২৫ সংখ্যক বৰ্ষৰ সংস্কৰণ প্ৰকাশ পাইছে।

শৰাইঘাট অসম ইয়াৰবুক-২০২৬ গ্ৰন্থখন প্ৰকাশ কৰিছে পাণবজাৰ, গুৱাহাটীৰ আৰজি পাব্লিকেশ্বনছে আৰু গ্ৰন্থখন সম্পাদনা কৰিছে জ্যেষ্ঠ সাংবাদিক দুলাল মিশ্ৰই।ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰীকে ধৰি সমাজৰ সকলো স্তৰৰ লোকৰ বাবে প্ৰয়োজনীয় বিবেচিত হোৱা ১২৩২ পৃষ্ঠাৰ শৰাইঘাট অসম ইয়াৰবুক-২০২৬ত অসম, ভাৰত আৰু বিশ্বৰ হাজাৰ হাজাৰ অতি প্ৰয়োজনীয় তথ্য সন্নিবিষ্ট কৰা হৈছে।
অসম, ভাৰত, বিশ্বৰ ইতিহাস, সংস্কৃতি, আৰু সাম্প্ৰতিক পৰিস্থিতিৰ এক দলিলৰ ৰূপত প্ৰকাশ কৰা হৈছে গ্ৰন্থখন। ইউপিএছচি, এপিএছচিৰ দৰে সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আৰু অন্যান্য ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও গ্ৰন্থখন উপযোগী বুলি বিবেচিত হৈছে।গ্ৰন্থখনত কৃষি, উদ্যোগ, শিক্ষা, স্বাস্থ্য, আন্তঃগাঁথনি, কেৰিয়াৰ, চলচ্চিত্ৰ, নাটক আৰু বিভিন্ন খণ্ডৰ শেহতীয়া তথ্য অন্তৰ্ভুক্ত কৰা হৈছে। শৰাইঘাট অসম ইয়াৰবুক-২০২৬ গ্ৰন্থখনে ৰাজ্যখনৰ বৈচিত্ৰ্যময় পৰম্পৰা, শিল্পকলা, উৎসৱ, আৰু ঐতিহাসিক ক্ষেত্ৰসমূহৰ কথা তথ্য সহকাৰে প্ৰকাশ কৰিছে।ইয়াত জনসংখ্যা, সাক্ষৰতাৰ হাৰ, দৰিদ্ৰতা নিৰাময়ৰ ব্যৱস্থা, আয়ৰ বিতৰণ আৰু মানৱ উন্নয়নৰ সূচকাংক আদি দিশসমূহ সামৰি লোৱা হৈছে।গ্ৰন্থখনত অসমৰ প্ৰগতি, ঐতিহ্য, সাম্প্ৰতিক পৰিস্থিতিৰ সাৰমৰ্ম সন্নিবিষ্ট কৰা হৈছে। গৱেষক, ছাত্ৰ-ছাত্ৰী, অসমৰ প্ৰতি আগ্ৰহী যিকোনো ব্যক্তিৰ বাবে গ্ৰন্থখন উপযোগী হব বুলি গ্ৰন্থখনৰ সম্পাদক দুলাল মিশ্ৰ তথা প্ৰকাশক ৰাকেশ গোস্বামীয়ে জনাইছে। উল্লেখ্য ‘শৰাইঘাট অসম ইয়াৰবুক-২০২৬’ত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য জনাই বিশেষ শিতান এটাও ৰখা হৈছে। ইতিমধ্যে গ্ৰন্থখনক অসমৰ বিদ্বৎ সমাজে আদৰি লোৱা পৰিলক্ষিত হৈছে।

