‘১০০ আসন’ ঘোষণা লৈ বিৰোধী শিবিৰত অশান্তি, মিত্ৰতাৰ ভৱিষ্যৎ লৈ প্ৰশ্ন

২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত কংগ্ৰেছৰ নেতৃত্বত গঠিত হ’বলগীয়া বিৰোধী মিত্ৰজোঁটত এতিয়াই মতভেদ স্পষ্ট হৈ উঠিছে। আনুষ্ঠানিকভাৱে নিৰ্বাচনৰ ঘোষণা নোহোৱাকৈয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে “১০০ খনতকৈ অধিক আসনত কংগ্ৰেছ প্ৰতিদ্বন্দ্বিতা কৰিব” বুলি কৰা মন্তব্যই বিৰোধী শিবিৰত অসন্তুষ্টিৰ সৃষ্টি কৰিছে।

গৌৰৱ গগৈয়ে যোৱা ২৭ ডিচেম্বৰত তেজপুৰত আয়োজিত এক কাৰ্যসূচীত অংশ লৈ সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে যে ২০২৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে ১০০ৰো অধিক আসনত প্ৰাৰ্থী প্ৰদান কৰিব আৰু বাকী আসনসমূহ মিত্ৰ দলসমূহৰ সৈতে আলোচনা কৰি নিৰ্ধাৰণ কৰা হ’ব। এই ঘোষণাৰ পাছতেই বিৰোধী শিবিৰৰ একাংশ দলৰ মাজত ক্ষোভৰ সৃষ্টি হয়।

বিৰোধী দলসমূহৰ মতে, মিত্ৰতা চূড়ান্ত নোহোৱাকৈ আৰু আসন ভাগ-বাটোৱাৰাৰ আলোচনাত বহাৰ আগতেই কংগ্ৰেছে একতৰফাভাৱে “১০০ আসন” ঘোষণা কৰাটো মিত্ৰতাৰ নীতিবিৰোধী। অসমত মুঠ ১২৬খন বিধানসভা আসন থাকোঁতে কংগ্ৰেছে যদি ১০০ৰো অধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰে, তেন্তে বাকী দলসমূহৰ বাবে অত্যন্ত সীমিত আসনহে অৱশিষ্ট থাকিব বুলি তেওঁলোকে অভিযোগ কৰে।

বিশেষকৈ অসম জাতীয় পৰিষদ, ৰাইজৰ দল, চিপিআই, চিপিআই(এম), চিপিআই(এম-এল) আৰু এ পি এইচ এল চিৰ দৰে দলসমূহে এই ঘোষণাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কয়, “আমাৰ বাবে আসনৰ সংখ্যা মুখ্য নহয়। মূল লক্ষ্য হ’ল বিজেপি আৰু আৰএছএছৰ শাসনৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়া। কিন্তু মিত্ৰতাৰ ক্ষেত্ৰত কাকো জাপি দিয়া উচিত নহয়।”

অখিল গগৈয়ে লগতে কয়, “গৌৰৱ গগৈয়ে আগতে কৈছিল কেমেৰাৰ সন্মুখত মিত্ৰতাৰ কথা নক’ব বুলি। কিন্তু হঠাতে তেওঁ নিজেই সেই নীতি ভাঙিলে। মিত্ৰতা মানে আলোচনা, বুজাবুজি আৰু বিশ্বাস।”

আনহাতে, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে মন্তব্য কৰে যে গৌৰৱ গগৈয়ে ১০০ আসনৰ কথা ক’লেও এই বিষয়টো আলোচনা কৰিহে চূড়ান্ত হ’ব। তেওঁ কয়, “মিত্ৰতা নহ’লে বিজেপিক পৰাভূত কৰা অসম্ভৱ। সেয়েহে আসন বণ্টনৰ বিষয়টো আলোচনা কৰিয়েই ঠিক কৰিব লাগিব।”

লুৰীণজ্যোতি গগৈয়ে লগতে উল্লেখ কৰে যে বিটিআৰৰ ১৫ খন আসন এই ১০০ আসনৰ ভিতৰত ধৰা হৈছে নে নাই সেয়াও স্পষ্ট নহয়। কিয়নো বিটিআৰত বৰ্তমান ইউপিপিএল আৰু বিপিএফ শক্তিশালী আৰু দুয়ো দলেই এনডিএৰ অংশীদাৰ। সেয়ে এই বিষয়সমূহ আলোচনা অবিহনে নিৰ্ধাৰণ কৰা সম্ভৱ নহয় বুলিও তেওঁ কয়।

ইফালে, চিপিআই(এম)-এও কংগ্ৰেছৰ ঘোষণাত অসন্তোষ প্ৰকাশ কৰিছে। দলটোৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয়, “আলোচনা আৰম্ভ হৈছে যদিও আসন বণ্টনৰ বিষয়ত এতিয়াও কোনো সিদ্ধান্ত হোৱা নাই। কেমেৰাৰ আগত নহয়, আলোচনাৰ টেবুলতেই এই বিষয়সমূহ নিষ্পত্তি হওক।”

মুঠতে, কংগ্ৰেছৰ ‘১০০ আসন’ ঘোষণাই বিৰোধী শিবিৰত ঐক্যৰ সংকেত দিয়াৰ সলনি বিভাজনৰ ইংগিতহে দিছে। আগন্তুক দিনত আলোচনা আৰু সমঝোতাৰ মাজেদি এই মিত্ৰতা কিদৰে আগবঢ়ে, সেয়াই হ’ব অসম ৰাজনীতিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰা মুখ্য বিষয়।

Related Articles