ভাৰতীয় দলিত সাহিত্য অকাডেমীয়ে “বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰ নেচনেল ফেল’শ্বিপ এৱাৰ্ড ২০২০” গুৱাহাটীৰ নীলাঞ্জনা শৰ্মা বৰুৱা,দিশপুৰ লখিমী নগৰৰ বৰ্ণালী দাস, গোৱালপাৰাৰ শংকৰ নগৰৰ জয়ন্ত দাস,যোৰহাটৰ চোলাধৰা সুৱাগপুৰৰ অনিমা নেওগ, ম’হবন্ধা নাওশলীয়াৰ প্ৰফুল্ল ভূঞা, চাৰিঙীয়াৰ ৰঞ্জু পূজাৰী দত্ত, যোৰহাট নন্দনপুৰৰ ৰেখামনি কলিতা বৰদলৈ, তিতাবৰ চৰাইপানীৰ নীলিম নয়ন,সন্ধ্যাৰাণী বেজবৰুৱা,গোলাঘাটৰ পাভজান বাৰমুখীয়া গাঁওৰ সুশীলাপ্ৰভা ভৰালী কাকতি,কমাৰবন্ধাৰ মুকুতা হাজৰিকা চেতিয়া, বকলাই চুতীয়া গাঁওৰ ইলা শইকীয়া, দেৰগাঁও জ্যোতি নগৰৰ অৱনী বৰঠাকুৰ, দোমজৰীয়া কছলীয়াল গাঁওৰ অৰুণা ঠাকুৰ, বিশ্বনাথ জিলাৰ গহপুৰ কণিবড়ি গাঁওৰ দিপালী তচা, শিৱসাগৰৰ জেউতি বৰা ভূঞা, তিনিচুকীয়া ডিগবৈৰ ৰশ্মিৰেখা শইকীয়া, ধেমাজিৰ কোলাপথাৰ গাঁওৰ মনিকা ফুকনক সাহিত্য তথা সমাজ জীৱনলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে নতুন দিল্লীৰ পঞ্চশীল আশ্ৰম প্ৰাংগণত আয়োজিত দলিত সাহিত্য একাডেমীৰ ৩৬ সংখ্যক লেখক সন্মিলনত প্ৰদান কৰা হয়। আনহাতে একেটা অনুষ্ঠানতে যোৰহাট ন – আলি ঢেকিয়াজুলীৰ কঁহাৰ গাঁওৰ ৰূপৰেখা বৰুৱাক ৰাষ্ট্ৰীয় সাহিত্যশ্ৰী এৱাৰ্ডেৰে সন্মানিত কৰে।

