বাক্সাৰ মুছলপুৰত চাঞ্চল্যকৰ ডকাইতি কাণ্ড : পিষ্টল দেখুৱাই লুটিলে চাৰি লক্ষাধিক টকা

বাক্সা জিলাৰ সদৰ মুছলপুৰৰ এটা পেট্ৰল ডিপোত যোৱানিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। জানিব পৰা মতে কালি নিশা প্ৰায় ৯ মান বজাত জিলাখনৰ মুছলপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত পূৱ বাংনাবাৰীত থকা এম এছ এইছ পি বাংচিয়াৰী ফুৱেল ষ্টেচন নামৰ পেট্ৰল ডিপোলৈ আহে দুই বাইক আৰোহী। হঠাৎ পেট্ৰল ডিপোটোৰ স্বত্বাধিকাৰী মকুন্দ বাংচিয়াৰীক উক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰা লগতে পিষ্টল দেখুৱাই দুই জাঁই গুলী ফুটাই কেচ কাউন্টাৰৰ পৰা নগদ চাৰি লক্ষাধিক টকা কাঢ়ি লৈ যায়। এই ঘটনাৰ পিছতে  বাক্সা আৰক্ষীৰ এটা দলে ঘটনাস্থলী পৰিদৰ্শন কৰি খালী কাৰ্টিজ উদ্ধাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে। বাতৰি লিখা পৰলৈ আৰক্ষীয়ে কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই।

Related Articles