দেৰগাঁৱৰ উপকন্ঠ ইপৰীয়াত আজি পুৱা এটি মৃতদেহ উদ্ধাৰ হয় ।স্থানীয় ৰাইজে পুৱা পথৰ দাতিত পৰি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে ।চকু, ডিঙিৰ লগতে শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ স্পষ্ট চিন থকালৈ চাই কোনোবাই হত্যা কৰি পেলাই থোৱা যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। মৃতব্যক্তি জন ওপৰ গৰুমৰা গাঁৱৰ দিলীপ চন্দ্ৰ বৰা বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে। দিলীপ চন্দ্ৰ বৰাআভ্যন্তৰীণ জলসিঞ্চন বিভাগৰ চিকাৰী ঘাটৰ কৰ্মচাৰী আছিল। পৰিয়ালৰ সুত্ৰৰ পৰা জানিব পৰা মতে মৃত দিলীপ বৃহস্পতিবাৰে সন্ধিয়া বাইক লৈ এজনৰ বন্ধু ঘৰলৈ ওলাই গৈছিল। ব্যক্তি জনৰ বাইক খন বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই। ইতিিমধ্যে ঘটনাস্থলীত পুলিবৰ থানাৰ আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।নিৰ্বাচনৰ আগদিনা সংঘটিত হোৱা এই হত্যা কাণ্ডৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- লামাজান মাজৰবাৰী আঞ্চলিক ৩৫ সংখ্যক বিহু সন্মিলন !থলুৱা ক্ৰীড়া, সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন…
- বিয়পি পৰিছে নতুন COVID-19 ভেৰিয়েন্ট FLIRT! FLIRT ৰ লক্ষণ কি কি…
- নতুন সপ্তাহত ভাৰতীয় ষ্টক মাৰ্কেটত মিডকেপ আৰু স্মলকেপৰ শ্বেয়াৰ বৃদ্ধি…
- তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনটোতে অসমত প্ৰবল ধুমুহা-বৰষুণৰ আগজাননী!
- প্ৰতিকূল বতৰৰ বাবে দুদিনলৈ বন্ধ ঘোষণা বিদ্যালয়, মহাবিদ্যালয়…
- নগাঁৱত মঞ্চস্থ হ’ব ৰংগালয়ৰ নাটক অথেল’– এ পলিটিকেল ট্রেপ…
- চলচ্চিত্ৰ পৰিচালক তথা মোমায়েক আয়ান মুখাৰ্জীৰ সৈতে ৰণবীৰ-আলিয়াৰ কন্যা ৰাহা, মৰমলগা অভিব্যক্তিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে…
- হাইলাকান্দিত ছোৱাইন ফ্লুত আক্ৰান্ত হৈ এটি শিশুৰ মৃত্যু…
- বহিঃৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ প্ৰাণ হেৰুৱালে প্ৰাঞ্জল বৰাই! অঞ্চলজুৰি শোকৰ ছাঁ…
- জখলাবন্ধাৰ সৰুভগীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু আৰ্টিগা বাহনৰ চালক…