জামুগুৰিহাটত কৰ’ণাত আক্ৰান্তৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি

মহামাৰী কৰ’ণাৰ দ্বিতীয়টো ঢৌয়ে জোকাৰি গৈছে জামুগুৰিহাটো।দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা। জামুগুৰি পৰিপূৰক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ এলেকাত এতিয়ালৈকে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি হৈছে। ইয়াৰ ভিতৰত অঞ্চলটোৰ ডেকাসুন্দৰ গাঁওত ৯জন, শান্তিপুৰত তিনি জন আক্ৰান্ত হোৱাৰ বিপৰীতে দীপাটোলাত এজনৰ দেহত ধৰা পৰিছে কভি’ড- ১৯ ৰ উপস্থিতি।জামুগুৰিহাটত আক্ৰান্ত সকলৰ ভিতৰত এজনক তেজপুৰ ডেকাৰ গাঁওত থকা কভি’ড কেয়াৰ চেন্টাৰলৈ প্ৰেৰণ কৰা হয় যদিও বাকী সকলক হ’ম আইচলেচনৰ ব্যৱস্থা কৰা হৈছে বুলি জামুগুৰি পৰিপূৰক স্বাস্থ্য কেন্দ্ৰ চিকিংসক ডা: হৰেণ শইকীয়াই জানিবলৈ দিছে। ইফালে ভয়াবহ কৰ’ণাৰ দ্বিতীয়টো লহৰত জামুগুৰিহাটো ইতিমধ্যে আক্ৰান্তৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে যদিও জামুগুৰিহাট,কুসুমটোলাকে ধৰি সকলোবোৰ সৰু বৰ ব্যৱসায়িক কেন্দ্ৰস্হলত উপস্থিত হোৱা লোক সকলৰ অধিকাংশই মাক্স পৰিধান  নকৰা বিষয়টোৱে সচেতন ৰাইজৰ চিন্তিত কৰি তুলিছে। এই ক্ষেত্ৰত জামুগুৰিহাটো প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি ৰাইজে আশাৰে বাট চাইছে।

Related Articles