ঢকুৱাখনা আৰক্ষীৰ অভিযান ।বালিগাঁৱৰ পৰা গাঞ্জা সহ এজনক আটক।

ঢকুৱাখনা মহকুমাত শেহতীয়াকৈ নিচাযুক্ত দ্ৰব্য ড্ৰাগছ আৰু গাঞ্জাৰ এক ৰমৰমীয়া ব্যৱসায় গঢ়ি উঠিছে।এই দুই নিচাযুক্ত দ্ৰব্যৰ কবলত পৰি ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তৰ একাংশ যুৱক-যুৱতীৰ ভৱিষ্যৎ ধ্বংস হৈছে।ইয়াৰ মাজতে আজি ঢকুৱাখনা আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ গাঞ্জাৰ সৈতে এজন গাঞ্জা ব্যৱসায়ী আটক হয়। ঢকুৱাখনা থানাৰ আৰক্ষী চক্ৰ পৰিদৰ্শক-ৰাজীৱ বৰুৱাৰ নেতৃত্বত আজি বিয়লি প্ৰায় ৪ বজাত এক গোপন সূত্ৰৰ পম খেদি ঢকুৱাখনা আৰক্ষীৰ এটি দলে অভিযান চলাই ঢকুৱাখনা থানাৰ চৌহদৰ পিছফালেই থকা বালিগাঁৱৰ সৰ্বানন্দ ওজা’ নামৰ এজন গাঞ্জা ব্যৱসায়িক গাঞ্জা বিক্ৰী কৰি থকা অৱস্থাতে হাতে লোতে বুজন পৰিমানৰ গাঞ্জাৰ সৈতে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে সৰ্বানন্দ ওজাই বহুদিনৰ পৰা ঢকুৱাখনাত আৰক্ষীৰ চকুত ধূলি দি গাঞ্জাৰ ব্যৱসায় চলাই আহিছিল যদিও আজি আৰক্ষীৰ ফান্দত পৰে। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি জব্দকৃত গাঞ্জা খিনিৰ বজাৰ আনুমানিক-১৪/১৫ হাজাৰ টকা হ’ব।ইতিমধ্যে ঢকুৱাখনা আৰক্ষীয়ে সৰ্বানন্দ ওজাৰ বিৰুদ্ধে এন,ডি,পি,এছ আইনৰ -২০ বি ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে।

Related Articles