কোকৰাঝাৰত উত্তেজনা অব্যাহতঃ আশ্ৰয় শিবিৰ স্থাপন, স্পৰ্শকাতৰ অঞ্চলত সেনা মোতায়েন


দুজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি যোৱা দুদিন ধৰি উত্তপ্ত হৈ আছে কোকৰাঝাৰ জিলাৰ কাৰিগাঁও অঞ্চল। গণপ্ৰহাৰৰ ঘটনাৰ পাছতেই স্থানীয় বড়ো আৰু আদিবাসী গোটৰ মাজত সংঘাতৰ সূত্ৰপাত ঘটে, যাৰ ফলত সমগ্ৰ অঞ্চলত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। পৰিস্থিতি অধিক অৱনতি নঘটাবলৈ জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সেনা বাহিনী মোতায়েন কৰিছে স্পৰ্শকাতৰ অঞ্চলত।

সংঘাতত ভীতিগ্ৰস্ত হৈ কাৰিগাঁৱৰ একাংশ লোকে নিজৰ ঘৰ-বাৰী এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে। সতৰ্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে জিলা প্ৰশাসনে আৱদাং বজাৰ, কাৰিগাঁও বজাৰ আৰু কাৰিগাঁও প্ৰাথমিক বিদ্যালয়ত তিনিটা অস্থায়ী সাহায্য শিবিৰ স্থাপন কৰিছে। বিষয়াসকলৰ তথ্য অনুসৰি, আৱদাং বজাৰৰ শিবিৰত বড়ো সম্প্ৰদায়ৰ লোকসকলক আশ্ৰয় দিয়া হৈছে, আনহাতে কাৰিগাঁৱত স্থাপন কৰা শিবিৰসমূহত চাওঁতাল পৰিয়ালক আশ্ৰয় প্ৰদান কৰা হৈছে। বৰ্তমান এই শিবিৰসমূহত প্ৰায় ১২০০ লোকক আশ্ৰয় দিয়া হৈছে।

ঘটনাৰ বিৱৰণ অনুসৰি, যোৱা সোমবাৰে নিশা কাৰিগাঁৱত এখন বাহনে দুজন আদিবাসী লোকক খুন্দা মাৰে। বাহনখনত তিনিজন বড়ো যুৱক আছিল বুলি জানিব পৰা গৈছে। ইয়াৰ পাছতেই ক্ষুব্ধ আদিবাসী গাঁওখনৰ একাংশ লোকে তিনিজন যুৱকক মাৰ-পিট কৰে আৰু বাহনখনো জ্বলাই দিয়ে। এই ঘটনাত এজন লোক ঘটনাস্থলীতে নিহত হয়, আন এজনৰ মঙলবাৰে হাস্পতালত মৃত্যু হয়। আহত আন তিনিজন লোক বৰ্তমানো চিকিৎসাধীন।

মঙলবাৰে এই ঘটনাক কেন্দ্ৰ কৰি বড়ো আৰু আদিবাসী গোটৰ মাজত সংঘাত তীব্ৰ হয়। দুয়োটা পক্ষই কাৰিগাঁও সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। উন্মত্ত প্ৰতিবাদকাৰীয়ে এটা চৰকাৰী কাৰ্যালয়ত অগ্নিসংযোগ কৰাৰ লগতে কাৰিগাঁও আৰক্ষী চকীত আক্ৰমণৰো চেষ্টা চলায়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে প্ৰথমে লাঠীচাৰ্জ আৰু তাৰ পাছত কন্দুৱা গেছ নিক্ষেপ কৰে। এই ঘটনাত আৰক্ষী জোৱানসহ কেবাজনো লোক আহত হয়।

আইন-শৃংখলা পৰিস্থিতি সুনিশ্চিত কৰাৰ উদ্দেশ্যে সমগ্ৰ কোকৰাঝাৰ জিলাত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা জাৰি কৰা হৈছে। লগতে কোকৰাঝাৰ আৰু চুবুৰীয়া চিৰাং জিলাত ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা সাময়িকভাৱে বন্ধ কৰি দিছে প্ৰশাসনে।

যোৱা নিশাৰে পৰা ভাৰতীয় সেনাই জিলা প্ৰশাসনৰ সহযোগত কাৰিগাঁও অঞ্চলত তহল চলাই আছে। সংবাদ সংস্থা পিটিআইৰ উদ্ধৃতি দি জানিব পৰা মতে, নিৰাপত্তা ব্যৱস্থা দৃঢ় কৰাৰ বাবে ভাৰতীয় সেনাৰ মুঠ চাৰিটা প্লাটুন মোতায়েন কৰা হৈছে। সেনাৰ সৈতে অসম আৰক্ষী, চি আৰ পি এফ আৰু ৰেপিড একশ্যন ফ’ৰ্চো মোতায়েন আছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই সংঘাতৰ পৰিপ্ৰেক্ষিতত সেনা মোতায়েনৰ কথা উল্লেখ কৰি কয় যে পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইফালে আই জি পি বিবেকৰাজ সিঙে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণাধীন বুলি জনাই জনসাধাৰণক শান্তি বজাই ৰাখিবলৈ আৰু প্ৰশাসনৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান জনায়। জিলা প্ৰশাসন আৰু আৰক্ষীয়ে সমগ্ৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখি আছে বুলি জানিব পৰা গৈছে।

Related Articles