বিতৰ্কিত মন্তব্যৰ গোচৰত গ্ৰেপ্তাৰ হোৱা শিখা শৰ্মাক আজি আদালতলৈ প্ৰেৰণ কৰা হয়। পাণবজাৰ মহিলা আৰক্ষী থানাৰ পৰা পোনে-পোনে শিখা শৰ্মাক গুৱাহাটীস্থিত চি জে এম (CJM) আদালতলৈ লৈ যোৱা হয়। দুদিনীয়া আৰক্ষী জিম্মাৰ অন্তত আজি তেওঁক আদালতত হাজিৰ কৰোৱা হয়।
আদালতলৈ প্ৰেৰণৰ পূৰ্বে শিখা শৰ্মাই বিস্ফোৰক মন্তব্য কৰি কয় যে তেওঁৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে। তেওঁ অভিযোগ কৰে যে কংগ্ৰেছৰ ষড়যন্ত্ৰৰ বাবেই তেওঁ জামিন লাভ নকৰিলে। এই সন্দৰ্ভত শিখা শৰ্মাই কয়, “মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে। বাকী যি কথা আছে সকলো আদালতত ক’ম।”
উল্লেখ্য যে, বিগত কেইদিনমান ধৰি শিখা শৰ্মাই অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ বিৰুদ্ধে সামাজিক মাধ্যমত একাধিক বিতৰ্কিত মন্তব্য কৰি আহিছিল। কেৱল জুবিন গাৰ্গক লৈ নহয়, শিখা শৰ্মাই জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, তেওঁৰ পিতৃ আৰু ভগ্নীকো এই বিতৰ্কৰ মাজলৈ টানি আনিছিল বুলি অভিযোগ উঠিছিল।
এই মন্তব্যসমূহক লৈ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে পাণবজাৰ মহিলা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল। সেই এজাহাৰৰ ভিত্তিত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই সোমবাৰে (১৯ জানুৱাৰী) শিখা শৰ্মাক আটক কৰে।
বৰ্তমান এই গোচৰক লৈ ৰাজ্যজুৰি তীব্ৰ চৰ্চা অব্যাহত আছে। আদালতত পৰৱৰ্তী শুনানিত শিখা শৰ্মাৰ ভাগ্য কি হ’ব, সেই দিশে এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে।

