কংগ্ৰেছ নেতাৰ ছত্ৰছায়াত লখিমপুৰত বাংলাদেশী নাগৰিকৰ আগ্ৰাসনৰ অভিযোগ


লখিমপুৰ জিলাৰ বান্তৌ বঙালী গাঁৱত বাংলাদেশী নাগৰিকৰ আগ্ৰাসন চলি থকাৰ গুৰুত্বপূর্ণ অভিযোগ উত্থাপন কৰিছে বীৰ লাচিত সেনাই। শনিবাৰে গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত সংগঠনটোৰ নেতৃত্বই কংগ্ৰেছৰ এজন স্থানীয় নেতাৰ ছত্ৰছায়াত এই আগ্ৰাসন চলি থকাৰ অভিযোগ উত্থাপন কৰে।

সংবাদমেলত বীৰ লাচিত সেনাই দাবী কৰে যে লখিমপুৰৰ বান্তৌ বঙালী গাঁৱত বাংলাদেশী নাগৰিক এতিয়া সৰ্বেসৰ্বা হৈ পৰিছে। সংগঠনটোৰ মতে, কংগ্ৰেছ নেতাৰ কৃপাতে একাংশ বাংলাদেশী নাগৰিকে ভুৱা নথিৰ জৰিয়তে মাটি নিজৰ নামত পঞ্জীয়ন কৰাই লৈছে।

এই সংবাদমেলত তথ্যসহ বিস্তৃত বিৱৰণ আগবঢ়ায় টাইজুৰ হক নামৰ এজন খিলঞ্জীয়া মুছলমানে। তেওঁ কয় যে চক্ৰ বিষয়াৰ কাৰ্যালয়ত থকা মাটিৰ নথি অনুসাৰে নুৰ হুছেইন আৰু চাহদ আলী নামৰ দুজন লোক বাংলাদেশী নাগৰিক। আনহাতে, একেই নথিত নাম থকা মিঞা হুছেইন আৰু চুবেদ আলী ভাৰতীয় নাগৰিক বুলি উল্লেখ কৰে।

টাইজুৰ হকে অভিযোগ কৰে যে বাংলাদেশী নাগৰিকসকলে ভুৱা নথিপত্ৰ আৰু ভুৱা পিতৃৰ নাম দেখুৱাই মাটি দখল কৰিছে। ইয়াৰ উপৰিও পাৰবিন নামৰ এগৰাকী মহিলা বাংলাদেশৰ পৰা আহি ভুৱা নথিৰ জৰিয়তে লখিমপুৰত ৱাৰ্ড মেম্বাৰ হিচাপে নিৰ্বাচিত হোৱা বুলি সংবাদমেলত দাবী কৰা হয়।

বীৰ লাচিত সেনাৰ সদস্যসকলে অভিযোগ কৰে যে এই তথ্য উন্মোচনৰ সময়ত কংগ্ৰেছৰ এজন নেতাই টাইজুৰ ৰহমানক বিৰোধিতা কৰিছিল। ইয়াক লৈ ক্ষোভ প্ৰকাশ কৰি সংগঠনটোৰ নেতৃত্বই কয়—
“আমি অসমীয়া অসমতে ভগনীয়া হ’ব নালাগে। এনে পৰিস্থিতি কেতিয়াও সহ্য কৰা নহ’ব।”

সংবাদমেলত বীৰ লাচিত সেনাই দাবী কৰে যে বৰ্তমানো লখিমপুৰ জিলাত প্ৰায় ১০ হাজাৰ বিঘা ভূমি অবৈধ বেদখলকাৰীৰ কবলত আছে। এই ভূমিসমূহ শীঘ্ৰে বেদখলমুক্ত কৰিবলৈ চৰকাৰক কঠোৰ ব্যৱস্থা লোৱাৰ আহ্বান জনায় সংগঠনটোৱে।

ইফালে, বাংলাদেশী নাগৰিকৰ পক্ষত অৱস্থান লোৱা বুলি অভিযোগ কৰা কংগ্ৰেছ নেতাজনকো বীৰ লাচিত সেনাই সকীয়নি দিয়ে। সংগঠনটোৰ ভাষ্য মতে, এনে কাৰ্যকলাপৰ পৰা আতৰি নাথাকিলে সেই নেতাজনৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ সংগঠনটো বাধ্য হ’ব।

Related Articles