কন্ঠশিল্পী ভিতালী দাসলৈ ‘বিৰিণা গোষ্ঠী অসম’ ৰ শ্ৰদ্ধাঞ্জলি

ৰাজ্য তথা দেশত কৰোনাৰ দ্বিতীয় ঢৌৱে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে বুধবাৰে বিয়লি কৰোনাত আক্ৰান্ত হৈ অকালতে প্ৰাণ হেৰুৱালে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী ভিতালী দাসে । ভিতালী দাসৰ অকাল বিয়োগত সাংস্কৃতিক কৰ্মীসকলৰ লগতে সৰ্বসাধাৰণ লোক শোকত ম্ৰিয়মান হৈ পৰিছে । বৃহস্পতিবাৰে সন্ধিয়া নলবাৰী জিলাৰ দৌলাশালস্থিত বিৰিণা গোষ্ঠী অসমৰ মুখ্য কাৰ্যালয়ত প্ৰয়াত শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈ যায় । সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমৰ উদ্যোগত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বিৰিণা বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠকে । ভিতালী দাসৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভবেন কুমাৰ কলিতাই । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ আঁত ধৰে গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে। অনুষ্ঠানটোত প্ৰয়াত শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। উক্ত অনুষ্ঠানটোত কেইবাগৰাকী বিশিষ্ট লোকে ভিতালী দাসৰ জীৱন আৰু গীতৰ ওপৰত এক বিশ্লেষণ আগবঢ়ায় । অনুষ্ঠানৰ আৰম্ভণিতে উপস্থিত লোকসকলে চেনিটাইজাৰ ব্যৱহাৰ কৰি কভিদ প্ৰটকল মানি অনুষ্ঠানটো অনুষ্ঠিত কৰে।

Related Articles