টংলাত ছাত্ৰী সন্ধানহীন

ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত ভূতিয়া পুখুৰী গাওঁৰ নিবাসী চুপাই হাছা আৰু আশ্ৰত হাছাৰ কন্যা চাবিনা হাছা (১৭) যোৱা ১৬ এপ্ৰিলৰ পৰা সন্ধানহীন হোৱা ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। টংলা ডনবক্স হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী চাবিনা হাছাই ১৬ এপ্ৰিলৰ দিনাখন বিদ্যালয় বন্ধ হোৱাত ভাড়া ঘৰৰ মালিকক ঘৰলৈ যাওঁ বুলি কৈ ওলাই অহাৰ পথত সন্ধানহীন হৈ পৰে। ইতিমধ্যে পৰিয়াল লোকে টংলা থানাত এজাহাৰ দাখিল কৰে। ৪ ফুট ওখ, মুগা বৰণীয়া আদিবাসী সম্প্ৰদায় ছাত্ৰী জনীৰ কোনো সদাশয় ব্যক্তিয়ে সম্ভেদ পালে ৭৬৩৬৮০০৩৮৯ নম্বৰ বা ওচৰৰ আৰক্ষী থানাত যোগাযোগ কৰিবলৈ পৰিয়াল লোকে আনুৰধ জনায়।

Related Articles