তামুলপুৰৰ কাউলীত বিদ্যুৎ বিভাগৰ চৰম হেমাহি আৰু গাফিলতিৰ বাবে এটি ৭ বছৰীয়া শিশুৰ মৃত্যু

তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলিৰ কাউলীত ধুমুহাৰ পিছত ছিঙি পৰি থকা বিদ্যুতৰ তাৰত বিদ্যুৎস্পৃষ্ট হৈ সাত বছৰীয়া শিশুৰ কৰুণ মৃত্যু।

একমাত্ৰ বিদ্যুৎ বিভাগৰ ভুল আৰু চৰম হেমাহীৰ ফলতে কৰুণ মৃত্যুক সাৱটিলে শিশুটিয়ে।

মঙলবাৰে নিশা ধুমুহাৰ পিছত ছিঙি পৰি থকা তাৰত লাগি কালি সন্ধিয়াৰ ভাগত মৃত্যু হয় প্ৰশান্ত মণ্ডল নামৰ এটি সাত বছৰীয়া শিশুৰ।

অঞ্চলটোৰ লোকে বিদ্যুত পৰিবাহী তাৰ পথত ছিঙি পৰি থকাৰ খবৰ বিদ্যুৎ বিভাগক বাৰম্বাৰ জনোৱাৰ পিছতো বিভাগৰ ফালৰ পৰা কোনো গুৰুত্ত্ব প্ৰদান কৰা নহল। ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো।

প্ৰথম অৱস্থাত তাঁৰ কেইডালত বিদ্যুৎ প্ৰবাহ নাছিল যদিও বিদ্যুৎ বিভাগে হঠাৎ বিদ্যুৎ প্ৰবাহ চালিত কৰাত খেলি থকা অৱস্থাতে সাত বছৰীয়া প্ৰশান্ত মণ্ডল বিদ্যুৎ ষ্পৃষ্ট হয় আৰু গুৰুতৰ ভাৱে আহত হয়।

স্থানীয় লোকে ততাতৈয়াকৈ শিশুটিক কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে শিশুটিক। শিশুটিৰ মৃত্যুৰ পিছতে এতিয়া ক্ষোভত ফাটি পৰিছে তামুলপুৰ বিদ্যুৎ বিভাগৰ ওপৰত।

Related Articles