নগাঁৱৰ চকলাঘাটত কৰ’নাত আক্ৰান্ত হৈ নৱ বিবাহিতাৰ মৃত্যু

নগাঁও জিলাত সৃষ্টি হোৱা কৰ’নাৰ জটিল পৰিস্থিতিৰ মাজতে আজি জিলাখনৰ চকলাঘাটত এগৰাকী নৱ বিবাহিতা বোৱাৰীৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হয় ৷ প্ৰাপ্ত খবৰ মতে, চকলাঘাটৰ দৰঙীয়াল গাঁৱৰ যাদৱ ভূঞা নামৰ যুৱকজনৰ নৱ বিৱাহিতা পত্নী বনলক্ষ্মী বৰা(২৮)ৰ বিগত কেইবাদিনো জ্বৰ, কাহ আদি ৰোগত ভুগি আছিল যদিও ঘৰতে তেওঁক চিকিৎসা প্ৰদান কৰি থকা হৈছিল ৷ কিন্তু কালি পুৱাৰ ভাগত বোৱাৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাত নগাঁও চহৰলৈ নিয়া হয় আৰু তাতে ক’ভিড টেষ্ট কৰাত বোৱাৰীগৰাকীৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰে ৷ লগে লগে স্বাস্থ্য বিভাগৰ দলে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেন্টাৰত ভৰ্তি কৰাই চিকিৎসাৰ ব্যৱস্থা কৰে যদিও আজি পুৱাৰ ভাগত বোৱাৰীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷ ইফালে, মৃত বোৱাৰীগৰাকীৰ স্বামীৰ দেহটো ক’ভিডৰ উপস্থিতি ধৰা পৰাত তেওঁকো চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ উল্লেখ্য, জন্মসূত্ৰে মৰিগাঁৱৰ জাগীৰোডৰ বাসিন্দা বনলক্ষ্মী প্ৰায় এসপ্তাহৰ পূৰ্বে চকলাঘাটৰ দৰঙীয়াল গাঁৱলৈ বিয়া হৈ আহিছিল ৷ নৱ বিবাহিত বোৱাৰীগৰাকীৰ এনে আকস্মিক মৃত্যুত স্থানীয় অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে ৷

Related Articles