ওদালগুৰি জিলাৰ ওৰাঙত ৭মে ৰ পৰা ১৮ বছৰৰ পৰা ৪৪ বছৰলৈ ওৰাং প্ৰাথমিক বিদ্যালয় আৰু ধনশ্ৰীঘাটস্থিত ধনশ্ৰীঘাট শ্বহীদ স্মৃতি সংঘ ও পুথিভঁৰাল কভিড ১৯ৰ ক’ ভেকচিন (Covaxin ) প্ৰদান কৰা হব বুলি স্বাস্থ্য বিভাগৰ সূত্ৰে জনাইছে ৷ ইচ্ছুক সকলে ৱেব ছাইট Www.cowin.gov.in ৰেজিষ্ট্ৰেচন কৰি পৰ্য্যবেক্ষন কৰিবলৈ আহ্বান জনোবা হৈছে ৷আৰু ইতিমধ্যে ৰেজিষ্ট্ৰেচন কৰা সকলে কভিড ১৯ ভেকচিন লোৱাৰ সুবিধা অনুসৰি স্থান সমুহ নিৰ্ধাৰণ তথা বাচনি কৰাৰ বাবে স্বাস্থ্য বিভাগে জনাইছে ৷আনহাতে সমগ্ৰ দেশতে ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ কৰোনা মহামাৰী ওদালগুৰি জিলাত দিনে দিনে দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা তথ্য অনুসৰি ৫ মেলৈ ওদালগুৰিত ৫৮ গৰাকী কভিড ১৯ ত আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত দ্বিতীয় পৰ্যায়ত এক এপ্ৰিলৰ পৰা ৫ মেলৈ আক্ৰান্তৰ সংখ্যা ২৭৬ জনলৈ বৃদ্ধি পালে ।স্বাস্হ্য বিভাগৰ জনোৱা মতে বৰ্তমানলৈ ৫ মেলৈ ৭১১ গৰাকীক পৰীক্ষা কৰাৰ পিছত ৫৮ গৰাকী দেহত কৰোনা আক্ৰান্ত ধৰা পৰে ।।ইয়াৰ ভিতৰৰ ৪২ গৰাকী ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৪৬৯ গৰাকী হোম আইচিলেচনত আছে। সেয়ে সকলো ৰাইজকে সজাগ আৰু সচেতন হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি কভিডৰ নীতি নিৰ্দেশনা মানি চলিবলৈ স্বাস্হ্য বিভাগে আহ্বান জনায়। ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিলড্ৰেনছ এছিয়ান গেমছত খেলাৰ বাবে ৰাছিয়ালৈ যাব অসমৰ দেবাংগনা তাঁতী…
- গুৱাহাটীত দুখনকৈ আই পি এল মেচ ! মহানগৰীত যুদ্ধকালীন প্ৰস্তুতি চলাইছে ৰাজস্থান ৰয়েলছে…
- ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বী জোনাইৰ এজন যুৱক…
- ৰমণী আলি অনিৰ্দিষ্ট কাললৈ পথ অৱৰোধ…
- বৰক্ষেত্ৰীত মুছলমান লোকৰ মৰম চেনেহ বিজেপিৰ লগত সদায় আছে !প্ৰধানমন্ত্ৰী মোডীক দেশৰ সূৰ্য আখ্যা মুখ্যমন্ত্ৰীৰ…
- মঙলদৈ চপাই বিহুতলীত অসমীয়া সংগীতৰ মহাৰণ ‘ভয়চ অৱ দৰং’ প্ৰতিযোগিতাত শ্ৰেষ্ঠ ৰিশিতা সাহা…
- বিশ্বনাথৰ তিনিসূঁতিত লিম্বু মহাসভা অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সাহিত্যিক ছত্ৰমান চুব্বাক বিশেষ সম্বৰ্ধনা জ্ঞাপন…
- চালকৰ অগোচৰে ডাম্পাৰ চলাই আলহী খাবলৈ আহিল হেন্দিমেন ! দুৰ্ঘটনা সংঘটিত কৰি টুথপেষ্টৰে চালকৰ ফোন নম্বৰ লিখি পলায়ন হেন্দিমেনৰ…
- পুৰণিগুদামত দুদিনীয়াকৈ আৰম্ভ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ চম্পাৱতী-২০২৪, উদুলি-মুদুলি পুৰণিগুদাম বাপুজী ভৱন পুথিভঁড়ালৰ খেলপথাৰ…
- জুলাইত বিয়াঃ লণ্ডনত অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত পাকিস্তানী গায়কৰ পত্নীৰ সৌন্দৰ্যই মন মুহিলে দৰ্শকক…