চাৰিওফালে কেৱল বেয়া খবৰ ৷তাৰ মাজতে এটা ভাল খবৰ আহিল বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা ৷ এই ভাল খবৰৰ মূল ব্যক্তিসকল হ’ল চিকিৎসালয়খনৰ চিকিৎসক ,নাৰ্চ আদি ৷ এই ভাল খবৰটো হ’ল বঙাইগাঁও অসামৰিক চিকিৎসালয়ত দুগৰাকী ক’ভিড প’জিটিভ মাতৃয়ে বৃহস্পতিবাৰে জন্ম দিয়ে ক’ভিড নিগেটিভ সন্তান ৷ জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে বঙাইগাঁও জিলাৰ মাণিকপুৰৰ এগৰাকী মহিলাই সন্তান প্ৰসৱৰ পূৰ্বে চহৰখনৰ ব্যক্তিগতখণ্ডৰ চিকিৎসালয় ল’ৱাৰ আসাম হাস্পতালত ভৰ্তি হৈছিল ৷ ৰক্তহীনতা আৰু আনুসংগিক উপসৰ্গত ভোগা প্ৰসূতি গৰাকীক চিকিৎসালয় কৰ্তৃপক্ষই বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল৷ পিছত অসামৰিক চিকিৎসালয়ৰ প্ৰসূতিৰোগ বিভাগৰ চিকিৎসক ডা: হাফিজা আহমেদ, এনাস্থেচিয়া বিভাগৰ চিকিৎসক ডা: গীতিকা পাঠক, অস্ৰোপচাৰ কক্ষৰ নাৰ্ছ ক্ৰমে মেইজিং ব্ৰক্ষ্ম আৰু পূৰ্ণিমা সৰকাৰ, এছএনচিইউ চিষ্টাৰ গীতাঞ্জলি দাস,ৱাৰ্ড বয় ছত্ৰসিং ৰায় আৰু ছাফাইকৰ্মী দ্বীপমালা বাসফৰৰ আশাসুধীয়া প্ৰচেষ্টাত মহিলা গৰাকীয়ে এটি সন্তান জন্ম দিয়ে৷ লক্ষ্যণীয় যে মহিলাগৰাকীয়ে জন্ম দিয়া সন্তানটি ক’ভিড নিগেটিভ বুলি জানিব পৰা গৈছে ৷ আনহাতে বঙাইগাঁও চহৰৰ সমীপৰ মূলাগাঁৱৰ নোৱাগাঁও প্ৰথমখণ্ডৰ এগৰাকী মহিলাক চহৰখনৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় চিলাৰায় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল৷ চিকিৎসালয়খনত মহিলা গৰাকীৰ ৰক্তক্ষৰণ হোৱাত পিছলৈ বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল৷ অসামৰিক চিকিৎসালয়ৰ প্ৰসূতিৰোগ বিভাগৰ চিকিৎসক ডাঃগৌতম দাস,এনাস্থেচিয়া বিভাগৰ চিকিৎসক ডাঃএমএম ৰহমান,অস্ৰোপচাৰ কক্ষৰ নাৰ্ছ ক্ৰমে মেইজিং ব্ৰক্ষ্ম আৰু পূৰ্ণিমা সৰকাৰ,এছএনচিইউ চিষ্টাৰ আৰমিনা বেগম ,ৱাৰ্ডবয় ছত্ৰসিং ৰায় আৰু ছাফাইকৰ্মী বাসন্তী বাসফৰৰ আশাসুধীয়া প্ৰচেষ্টাৰে অস্ৰোপচাৰ কৰাত মহিলা গৰাকীয়ে এটি সন্তান জন্ম দিয়ে৷ লক্ষ্যণীয় যে মহিলা গৰাকীয়ে জন্ম দিয়া সন্তানটিও ক’ভিড নিগেটিভ বুলি প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিছে ৷ অস্ত্ৰোপচাৰ কৰাৰ সময়ত চিকিৎসককে ধৰি সকলোৱে পিপিই কিট পৰিধান কৰিছিল ৷ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকৰ এই সফলতা নিশ্চয়কৈ ক’ভিডৰ এই বেয়া খবৰৰ মাজত এটা ভাল খবৰ হিচাপে পৰিগণিত হ’ব ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- তেওঁলোকে সুৰক্ষা প্ৰদান কৰিব পাৰিবনেঃ কৰ্ণাটক কলেজৰ ছাত্ৰীৰ হত্যাক লৈ কংগ্ৰেছক আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ
- মুখৰ অতিৰিক্ত নোমৰ বাবেই দশম শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰা ছাত্ৰীক ট্ৰ’ল! প্ৰাচীৰ কাষত থিয় হ’ল প্ৰিয়ংকা…
- ‘ভোটৰ বাবে ভুৱা উপাধি ব্যৱহাৰ কৰিছে গান্ধী পৰিয়ালৰ সদস্যই’: প্ৰিয়ংকা গান্ধীক লক্ষ্য কৰি ক’লে বিজেপি নেতাই…
- ডুবাইত পাকিস্তানী অভিনেত্ৰী মাহিৰা খানৰ ওচৰত ক্ষমা বিচাৰিলে অৰিজিত সিঙে…
- কুকুৰকে ৰং সানি সজালে বাঘ, পুডুচেৰীত আতংক…
- তৰমুজৰ লগতে বাকলিও উপকাৰী, এই ধৰণে ব্যৱহাৰ কৰিব পাৰি তৰমুজৰ বাকলি…
- আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ…
- ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…
- ভূপেন বৰাক ষড়যন্ত্ৰকাৰী আখ্যা দিলে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, ভূপেন বৰাৰ বাবেই অসমত INDIA ALLIANCE বা বিৰোধী ঐক্য ব্যৰ্থ হোৱাৰ অভিযোগ
- দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন…