ক’ভিড ১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৬ মেৰ পৰা ওদালগুৰি জিলাত আশা কৰ্মীসকলে ঘৰে ঘৰে গৈ ৰাইজক কভিড১৯ৰ বিষয়ে সজাগ কৰিবলৈ আৰম্ভ কৰিছে।গৃহত আছুতীয়াকৰণত থকা ৰোগীসকলে কেনেধৰণৰ নীতি-নিয়ম মানি চলিব লাগে সেইবিষয়েও ৰাইজক সজাগ কৰাৰ চেষ্টা কৰিছে। এই সজাগতা অভিযানৰ জৰিয়তে ৰাইজক টীকাকৰণৰ ক্ষেত্ৰত সহযোগ কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায়। ইয়াৰ জড়িয়তে প্ৰয়োজন অনুসৰি কোভিড পৰীক্ষা কৰা, মাস্কৰ ব্যবহাৰ, সামাজিক দূৰত্ব আদিৰ ক্ষেত্ৰতো সজাগ কৰাৰ প্ৰয়াস কৰা হব।আনহাতে ওদালগুৰি জিলাত ৭মেৰ পৰা ১৮ ৰ পৰা ৪৪ বয়সৰ ব্যক্তিসকলক টীকাকৰণ আৰম্ভ কৰা হৈছে ৷ জিলাখনৰ বালিচিঠা প্ৰাথমিক বিদ্যালয়, ওৰাং প্ৰাথমিক বিদ্যালয়, টংলা নগৰীয়া স্বাস্থ্য কেন্দ্ৰ, উত্তৰ ডিমাকুছি প্ৰাথমিক বিদ্যালয়, উত্তৰ ওদালগুৰি প্ৰাথমিক বিদ্যালয়, ধনশ্ৰীঘাট শ্বহীদ স্মৃতি সংঘ আৰু পুথিভঁৰাল এই কেন্দ্ৰ সমূহত টীকাকৰণৰ অভিযান কাৰ্য্যসুচী সুচাৰুৰূপে অনুষ্ঠিত হৈ যায় ।ওদালগুৰি জিলাখনত দিনক দিনে ক’ৰণা মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ওদালগুৰি জিলা স্বাস্হ্য বিভাগে এই পদক্ষেপ গ্ৰহন কৰিছে।ইপিনে আজি বিটিএডিৰ কাৰ্য্যবাহী সদস্য নিলোৎ স্বৰ্গীয়াৰীয়ে ওৰাং প্ৰাথমিক বিদ্যালয়ৰ কভিড ১৯ ভেকচিন কেন্দ্ৰটো পৰিদৰ্শন কৰে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…