ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাবক ক’লে মোদীয়ে, যুদ্ধৰে নহয় আলোচনাৰেহে সম্ভৱ সমস্যাৰ সমাধান

মধ্য প্ৰাচ্যত বৰ্তমান জুই জ্বলিছে৷ ইজৰাইল-আমেৰিকাৰ আক্ৰমণত বহু ক্ষতিৰ সন্মুখীন হৈছে ইৰাণ৷ ইৰাণেও প্ৰত্যাক্ৰমণ কৰাত এতিয়া পৰিস্থিতি বেয়াৰ ফালে ঢাল খাইছে৷ এনে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে সমস্যাৰ সমাধান যুদ্ধৰে নহয়, আলোচনাৰেহে সম্ভৱ৷ ইৰাণৰ সৈতে আমেৰিকা আৰু ইজৰাইলৰ সংঘাতৰ মাজতে প্ৰধানমন্ত্ৰীগৰাকীয়ে শান্তিৰ বাবে এই বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে৷ দিল্লীত ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাবৰ সৈতে হোৱা এক বৈঠকত মোদীয়ে স্পষ্ট কৰি দিয়ে যে ভাৰতে সদায় যুদ্ধৰ বিপৰীতে শান্তি আৰু আইনৰ শাসনক সমৰ্থন কৰে৷

তেওঁ কয় যে পশ্চিম এছিয়াৰ পৰা ইউক্ৰেইনলৈকে যিকোনো জটিল সমস্যা কেৱল আলোচনা আৰু বুজাবুজিৰ জৰিয়তেহে সমাধান কৰিব পৰা যায়৷ প্ৰধানমন্ত্ৰীয়ে পোনপটীয়াকৈ কোনো দেশৰ নাম উল্লেখ কৰা নাই যদিও তেওঁৰ এই মন্তব্যই ইৰাণৰ শাসন ব্যৱস্থালৈ এক ইংগিত বহন কৰিছে বুলি চৰ্চা চলিছে৷ ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণত ইৰাণৰ ধৰ্মীয় নেতাৰ মৃত্যুৰ পিছত দেশখনৰ আভ্যন্তৰীণ পৰিস্থিতি আৰু ধৰ্মীয় ফতোৱাক লৈ জনসাধাৰণৰ মাজত যি অসন্তুষ্টি আছিল, তাৰ পৰিপ্ৰেক্ষিততে মোদীয়ে আইনৰ শাসনৰ ওপৰত গুৰুত্ব দিয়া বুলি ধাৰণা কৰা হৈছে৷

আনহাতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পেও ইৰাণৰ শাসন ব্যৱস্থা সলনি কৰাৰ কথা উল্লেখ কৰিছিল আৰু প্ৰধানমন্ত্ৰীৰ এই মন্তব্যই সেই দিশটোকো স্পৰ্শ কৰিছে৷ এক কূটনৈতিক মহলৰ মতে প্ৰধানমন্ত্ৰীয়ে আলোচনাৰ পথ খোলা ৰখাৰ পৰামৰ্শ দি আমেৰিকাকো এক বিশেষ বাৰ্তা দিছে৷ বিশেষকৈ ইৰাণৰ পাৰমাণৱিক অস্ত্ৰক লৈ আলোচনা চলি থকাৰ মাজতে ইজৰাইল আৰু আমেৰিকাই কৰা আক্ৰমণৰ পিছত মোদীয়ে সামৰিক সংঘাতক একমাত্ৰ পথ হিচাপে গণ্য নকৰিবলৈ আহ৩ান জনাইছে৷ তেওঁৰ মতে বন্দুকৰ গুলীতকৈ মেজত বহি কৰা আলোচনাহে বেছি ফলপ্ৰসু হ’ব পাৰে৷

ইফালে চৌদি আৰৱ, ওমান আৰু কুৱেইটত থকা আমেৰিকাৰ সামৰিক ঘাটিত ইৰাণে কৰা আক্ৰমণৰো বিৰোধিতা কৰিছে ভাৰতে৷ যদিও মোদীয়ে ইৰাণৰ নাম লোৱা নাই, তথাপি অন্য দেশৰ সাৰ্বভৌমত্ব উলংঘা কৰি কৰা এনে আক্ৰমণৰ তেওঁ নিন্দা কৰিছে৷ এই সন্দৰ্ভত তেওঁ ইতিমধ্যে আক্ৰান্ত হোৱা দেশসমূহৰ ৰাষ্ট্ৰপ্ৰধানসকলৰ সৈতে টেলিফোনত কথা পাতি ভাৰতৰ স্থিতি স্পষ্ট কৰি দিছে৷

Related Articles