ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ কৰোনা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে ক’ৰুণাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা তথ্য অনুসৰি ২০মেত ওদালগুৰিত ৮৮ গৰাকী কৰোনাত আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত এক এপ্ৰিলৰ পৰা ২০মেলৈ আক্ৰান্তৰ সংখ্যা ১৭১৯ গৰাকীলৈ বৃদ্ধি পালে। স্বাস্হ্য বিভাগৰ জনোৱা মতে ২০মেলৈ ১৭৭৬ গৰাকীক পৰীক্ষা কৰাৰ পিছত ৮৮ গৰাকী দেহত কৰোনা ধৰা পৰে।ইয়াৰ ভিতৰৰ ৯১ গৰাকী ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৩৪৬ গৰাকী হোম আইচিলেচনত চিকিৎসাধীন আছে।সুস্হ হৈ উঠা ৬০ গৰাকীক ঘৰলৈ যাবলৈ দিয়া হয়।ইপিনে-২০মে ২ গৰাকী ক’ভিডত মৃত্যু হোৱাত শেহতীয়া তথ্য অনুসৰি ওদালগুৰিত মাৰ্চ’২১ৰ পৰা এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ৩০ গৰাকীলৈ বৃদ্ধি পালে।নিজ বাস গৃহতে যোৱা এসপ্তাহ ধৰি হোম আইচেলেচনত থকা ওদালগুৰিৰ ৰণথলী বাগিছাৰ ৰজনী হাজৰিকাৰ (৬৫)ৰ ২০মেৰ বিয়লি ৩ বজাত মৃত্যু হয়।।সেয়ে এনে ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজকে সজাগ আৰু সচেতন হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি কভিডৰ নীতি নিৰ্দেশনা মানি চলিবলৈ স্বাস্হ্য বিভাগে আহ্বান জনায়।ওদালগুৰি জিলাৰ অম্বাগাওৰ ২নং উলুবাৰী আৰু ১নং উলুবাৰী গাওঁত কেইবাজনো লোকৰ দেহত ক’ভিদ পজিটিভ ধৰা পৰাত ৰাইজৰ মাজত ব্যাপক আতংকৰ সৃষ্টি হৈছে ৷ চলিত মাহটোৰ ভিতৰতে কেথলিক মিশ্চনৰ ফাদাৰ প’ল তিৰ্কি (৩৪) আৰু জেমচ দৈমাৰী ( ২৬) নামৰ দুজন চফল ডেকাৰ মৃত্যুই গাওঁ তথা অন্চলটোত আতংক মাৰ নাযাওতেই ১৮আৰু১৯ মেত গাওঁখনত চিকিৎসা বিভাগৰ দ্বাৰা RAT পৰীক্ষাৰ অন্তত এগৰাকী শিশুকে ধৰি ৩ গৰাকী লোকৰ দেহত কৰোনাৰ উপস্থিতি ধৰা পৰে ৷ আনহাতে ওচৰৰে ১নং উলুবাৰী গাওঁখনত একেটা পৰিয়ালৰে ৪ জনকৈ ব্যক্তিৰ দেহত ক’ভিদ পজিটিভ ধৰা পৰে ৷আক্ৰান্ত লোক সকল জন দৈমাৰী ( ২৯)তওঁৰে ৩বছৰৰীয়া সন্তান আৰু নিজৰা কোৱৰ( ১৮) ১নং উলুবাৰী গাওঁৰ আক্ৰান্ত ব্যক্তি কেইগৰাকী হল ধনবহাদুৰ চেত্ৰী (৬৫) গীতা চেত্ৰী ( ৬০) দীপক ৪৫ ,প্ৰকাশ ৩৫ বিকাশ চেত্ৰী ৩৩৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰূপালী পৰ্দাত কি অভিনয় কৰিব কৰিশ্মাই !
- জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হয়নে…
- আমেৰিকা যুক্তৰাষ্ট্ৰত মৰমী-মেঘৰঞ্জনীৰ কথক নৃত্যৰ অনুষ্ঠান আৰু কৰ্মশালা…
- চতুৰ্থ ফেডাৰেচন কাপ ৰোল বল চেম্পিয়নশ্বিপৰ বাবে পুৰুষ –মহিলাৰ ৰাজ্যিক দল ঘোষণা…
- কোকৰাঝাৰত কোনে মাৰিব শেষ হাঁহি ! বিশাল নিৰ্বাচনী সভাৰ সলনি ঘৰে ঘৰে গৈ প্ৰচাৰত নামিছে নিৰ্দলীয় জোন দাসে…
- প্ৰেৰণা পুথিভঁৰালৰ নতুন দেহৰ শাখাৰ দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন…
- অসমীয়া অভিধান ‘হেমকোষ’ ৰ প্ৰণেতা, আধুনিক অসমীয়া গদ্যৰ বাটকটীয়া, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱস পালন…
- অসম সন্তান প্ৰসেনজিৎ শৰ্মাৰ অভিনৱ উদ্ভাৱন ! কৃষিখণ্ডত বিপ্লৱৰ লক্ষ্যৰে কৃত্ৰিম বুদ্ধিমত্তাৰ এপ নিৰ্মাণ , দেশৰ ১২টা ৰাজ্যিক ভাষাত উপলব্ধ এই এপ…
- জীতেন কোঁৱৰলৈ” শ্ৰমিক প্ৰাণ ২০২৪” বঁটা প্ৰদান উদ্যোগিক প্ৰতিষ্ঠান শ্ৰমিক সন্থাৰ অসমৰ…
- যৌন কেলেংকাৰীৰ অভিযোগত উত্তাল কৰ্ণাটক ! নিলম্বিত কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰজ্জ্বল ৰেভান্নাক…