সান্ধ্য আইনৰ সুযোগ লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত একাংশ দুষ্ট চক্ৰই চলাই আহিছে মদ,জুৱা,তথা ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী প্ৰশাসনৰ চকুত ধুলি দি এটা অসাধু চক্ৰই চলাই আছে নিচাযুক্ত দ্ৰব্যৰ অবাধ বেহা। শোণিতপুৰৰ লখৰাত চাৰিদুৱাৰ আৰক্ষীয়ে এক অভিযান চলাই বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ সহ দুজন লোকক আটক কৰিছে । এক গোপন সূত্রৰ পম খেদি চাৰিদুৱাৰ আৰক্ষীয়ে লখৰাত তালাচি চলোৱাৰ সময়তে এখন তীব্ৰবেগত আহি থকা নম্বৰ প্লেটবিহীন এল্ট গাড়ীক আৰক্ষীয়ে ৰ’বলৈ নিৰ্দেশ দিয়ে যদিও গাড়ীখন তীব্ৰবেগে পলায়নৰ চেষ্টা কৰে লগে লগে আৰক্ষী দলে খেদি গাড়ীখন ধৰিবলৈ সক্ষম হয় । পিছত গাড়ীখনত তালাচী চলোৱাত গাড়ীখনৰপৰা ১ পেকেট ব্ৰাউন চুগাৰ আৰু ৯০ টা কন্টেইনাৰ উদ্ধাৰ হয় । আৰক্ষীয়ে লগতে গাড়ীখনত থকা দুজন লোককো কৰায়ত্ত কৰে । ধৃত লোক দুজন ক্ৰমে ভালুকপুঙৰ জংচৰ দেউৰী ( ২৩ ) আৰু আনজন অৰুণাচলৰ বমদিল্লাৰ টাছি জেৰাং বুলি জানিব পৰা গৈছে । জব্দকৃত সামগ্ৰীখিনিৰ মূল্য এক লাখ টকা। চাৰিদুৱাৰ আৰক্ষীৰ জিন্মাত থকা সৰবৰাহকাৰী যুৱকদ্বয়ে খনামুখৰ চনু নামৰ এজন লোকৰ পৰা উক্ত ব্ৰাউনচুগাৰখিনি অনা বুলি ইতিমধ্যে স্বীকাৰোক্তি দিছে । ইপিনে চনু নামৰ ব্যক্তিজনে পলায়ন কৰিছে বুলি জানিব দিছে চাৰিদুৱাৰ আৰক্ষীয়ে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…