সাগৰীয় ঘূৰ্ণীবতাহ য়াছৰ কবলত পৰিব অসম তথা উত্তৰ পূৰ্বাঞ্চল৷ এই কথা সদৰী কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে৷ নিৰাপত্তাৰ দিশলৈ লক্ষ্য কৰি ইতিমধ্যে সষ্টম হৈ পৰিছে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে৷ সেই অনুসৰি, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা দক্ষিণ ভাৰতৰ বিভিন্ন প্ৰান্তলৈ যাবলগীয়া ৬ খন ৰে’লৰ লগতে দক্ষিণ ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা অসমলৈ আহিবলগীয়া মুঠ ১২ খন ৰে’লৰ যাত্ৰা বাতিল কৰিছে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে৷ টাউতেৰ প্ৰকোপ হ্ৰাস পোৱাৰ পিছতে এইবাৰ তাণ্ডৱ চলাবলৈ আহি আছে সাগৰীয় য়াছ৷ ২৪ মে’ৰ সন্ধিয়াৰ ভাগত এই ঘূৰ্ণীয়ে দুয়োখন ৰাজ্য কোবাই যোৱাৰ আশংকা ব্যক্ত কৰা হৈছে৷ অসম তথা উত্তৰ পূৰ্বাঞ্চলত যাত্ৰা বাতিল কৰা ৰে’ল কেইখন ক্ৰমে গুৱাহাটী-বেংগালুৰু এক্সপ্ৰেছ, বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছ, ত্ৰিবান্দ্ৰম-শিলচৰ এক্সপ্ৰেছ, শিলচৰ-ত্ৰিবান্দ্ৰম এক্সপ্ৰেছ, তিনিচুকীয়া-টাম্বাৰাম এক্সপ্ৰেছ, টাম্বাৰাম-তিনিচুকীয়া এক্সপ্ৰেছ, বেংগালুৰু-তিনিচুকীয়া এক্সপ্ৰেছ, তিনিচুকীয়া-বেংগালুৰু এক্সপ্ৰেছ, কামাখ্যা-যশৱন্তপুৰ এক্সপ্ৰেছ, য়শৱন্তপুৰ-কামাখ্যা এক্সপ্ৰেছ, চেন্নাই-নিউ জলপাইগুৰি এক্সপ্ৰেছৰ লগতে নিউ জলপাইগুৰি-চেন্নাই এক্সপ্ৰেছ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গুৱাহাটী বিমানবন্দৰত প্ৰথম মুখপত্ৰ ‘এল জি বি আই এ ক্ৰনিকেল’ উন্মোচন
- দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে ”দৈনন্দিন বাৰ্তা” গোষ্ঠীৰ তৰফৰ পৰা বৰপেটাৰ ড° বিৰিঞ্চি কুমাৰ দাস আৰু নাৰায়ণ দাসক সম্বৰ্ধনা…
- শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ বিশ্ব বিদ্যালয়ৰ সম্পৰ্ক অভিযানৰ শুভাৰম্ভ…
- ৩৯ সংখ্যক চৰকাৰী পেঞ্চনাৰ সন্থাৰ সাধাৰণ অধিৱেশনত শিক্ষাবিদ ডঃ হিতেশ ডেকা…
- ৰাজ্যিক ফুটছাল চেম্পিয়ন গুৱাহাটী চিটী এফচিক প্ৰাইজমানী প্ৰদান…
- এছিয়ান টাইকোৱানডো চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক অৰ্জন কৰা খেলুৱৈ ৰ’দালি বৰুৱাক আন্তৰিক অভিনন্দন জ্ঞাপন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ…
- আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত দ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী কাৰ্যকলাপ বিভিন্ন বিষয় তথা আনুষংগিক দলীয় বিষয় সভাত পৰ্যালোচনা…
- চাপৰৰ হৰ্দেমাৰাত দুই ফৈদৰ মাজত সংঘটিত ভয়ংকৰ মাৰপিট…
- ডিব্ৰুগড়ত চি আৰ পি এফ ১৭১ বেটেলিয়নৰ গ্ৰন্থ বিতৰণ…
- বইটামাৰীৰ তালগুৰীত টুনীয়া নৈৰ খহনীয়াৰ কবলত ৰাজহুৱা শ্মশান সম্পূৰ্ণ ৰূপে জাহ যোৱাৰ উপক্ৰম…