লে’টছ পেডেলৰ উদ্যোগত পুৱাভাগতে বিশ্বনাথ চাৰিআলিৰ মধুপুৰ তিনিআলিৰ পৰা এক ক’ভিড সজাগতা ৰেলি উলিওৱা হয়। লে’টছ পেডেলৰ তৰফৰ পৰা বিশ্বনাথ ঘাট, নৱপুৰ আৰু বামগাৱঁত চাবোন আৰু মাস্ক বিতৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ক’ভিড আচৰণবিধি সম্পূৰ্ণৰূপে পালন কৰি আজিৰ ৰেলি সম্পন্ন কৰা লে’টছ পেডেলৰ সদস্যসকলে বিশ্বনাথ ঘাটৰ গাওঁ সুৰক্ষা বাহিনীৰ (ভিডিপি) সম্পাদক সোনালী ভৰালীৰ হাতত পুৱা ছয় বজাত কিছু মাস্ক আৰু চাবোন অৰ্পণ কৰে। ইয়াৰ পাছত নৱপুৰ ভিডিপিৰ সভাপতি অক্ষয় বৰ্মণৰ হাতত আৰু বামগাঁৱত ৰেলি সমাপন কৰি ভিডিপি সম্পাদক গজেণ বৰুৱা, সদস্য যতীন বৰা আৰু গাওঁবুঢ়া অংকু বৰাৰ হাতত কিছু মাস্ক আৰু চাবোন অৰ্পণ কৰে। আজিৰ কাৰ্যসূচীত লে’টছ পেডেলৰ প্ৰতিষ্ঠাপক স্নেহাংকৰ চক্ৰৱৰ্তী তথা সদস্য নিহাৰ শইকীয়া, ৰাজ ঋষি ভট্টাচাৰ্য্য, চম্পক শৰ্মা, ধীৰাজ গুপ্তা আৰু শেখৰ ভূঞাই অংশ গ্ৰহণ কৰে।

