বাঘবৰ সমষ্টিৰ আলোপতি আৰক্ষী থানাৰ অন্তৰ্গত চেঙা শিক্ষা খণ্ডৰ পশ্চিম কামাৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ ভূমি বেদখলক লৈ বিদ্যালয় পৰিচালনা সমিতি আৰু একাংশ অভিভাৱক সৈতে প্ৰধান শিক্ষক নুৰ ইছলামে বিদ্যালয়ৰ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে সাৱস্ত্য কৰে তীব্ৰ প্ৰতিবাদ। জানিব পৰা মতে বেদখলকাৰী আমিৰ হামজাৰ পিতৃ স্বহৰ আলীয়ে বিদ্যালয় স্থাপনৰ সময়ত দলিলত লিখিত ভাৱে বিদ্যালয়ৰ নামত এক বিঘা মাটি দান সুত্ৰে দিছিল। কিন্তু স্বহৰ আলীৰ পুত্ৰ এখন কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা আমিৰ হামজাই বিদ্যালয় খনৰ ভূমি বেদখল কৰাৰ গুৰুতৰ অভিযোগ তুলি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবীত উত্তাল প্ৰতিবাদ সাৱস্ত্য কৰে। আনকি খামিডাঠ আমিৰ হামজাই সম্পূৰ্ণ খামখেয়ালীৰে বিদ্যালয়ৰ চৌহদৰ মাজেৰে নিজৰ গৃহলৈ যোৱা বাবে মাটি পেলাই ৰাস্তা বনায়। এখন কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা খামিডাঠ আমিৰ হামজাৰ এনে নিকৃষ্ট কাণ্ডই শংকিত কৰিছে অঞ্চলবাসীক। সেয়ে প্ৰতিবাদকাৰী ৰাইজে শীঘ্ৰে বিভাগীয় কতৃপক্ষক এই স্পৰ্শকাতৰ বিষয়টো তদন্তৰ দ্বাৰা বিহীত ব্যৱস্থা ল’বলৈ দাবী জনায়। স্মৰ্তৱ্য যে প্ৰতিবাদীকাৰীৰ পৰা সাংবাদিকে সবিশেষ জানিব বিচৰাত আমিৰ হামজাৰ পিতৃ স্বহৰ আলী আৰু ভাই জুমাৰ আলীয়ে প্ৰতিবাদকাৰীক গালি-গালাজ উপৰিও ভয়-ভাবুকিও দিয়ে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ পাছত জম্মু-কাশ্মীৰত নিৰ্বাচন…
- নেমুৰ চাহঃ আপুনিও নেমু মিহলি কৰি চাহ খায় নেকি? ইয়াৰ ফলত হ’ব পাৰে বৃক্কৰ ক্ষতি…
- ডিব্ৰুগড়ত ‘কৰুণাধাৰা’ৰ হোমেন বৰগোহাঞি স্মৰণ-বক্তৃতানুষ্ঠান…
- লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ত ৫,৭০০ কোটি টকাৰ সম্পত্তিৰে আটাইতকৈ ধনী প্ৰাৰ্থী পেম্মাছানি…
- আজি লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ, ১০খন ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬ টা সমষ্টিত হ’ব ভোটগ্ৰহণ, নিৰ্ণয় হ’ব ১,৭১৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য…
- ৰহাত ভাৰতীয় জনতা পাৰ্টিৰ পুৰণি নেতা কৰ্মীৰ কাৰ্যকৰ্তা সন্মিলন ! পুৰণি বিজেপি নেতা কৰ্মী উপেক্ষিত হৈ থকাৰ অভিযোগ…
- ৰৌতাত মুছলিম ছাত্র সন্থা (মুছা) ৰ কৰ্মশালা সম্পন্ন ! বি টি আৰত মুছলিমক ভূমি অধিকাৰ প্ৰধান কৰকঃ আশ্বিক ৰাব্বানী…
- মাজবাটৰ চিকাৰীডাঙাত ৩৭৪ কাৰ্টুন অবৈধ সুৰা জব্দ…
- বিপদত আল্লু! দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে আইনী ব্যৱস্থা…
- মাৰ্ঘেৰিটাৰ বৰগোলাইত তামাং বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ বিশাল ধৰ্মীয় শোভাযাত্ৰা…