ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত মৰা ধনশ্ৰীৰ পৰা চুৰি হোৱা এখন বুলেট বাইক ওৰাং আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক দাসে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষী সুত্ৰে জানিব পৰা মতে যোৱা কালি সন্ধিয়া ৰৌতা মৰা ধনশ্ৰীৰ পৰা প্ৰীতম তালুকদাৰ নামৰ লোক জনৰ এচ -০১ ডি -এ ৪৬২০ নম্বৰ বুলেট বাইক খন চুৰি হৈছিল। ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে ১৫ নম্বৰ ৰাষ্ট্ৰীয ঘাই পথৰ লগত সংলগ্ন অসম অৰনাচল সংযোগী এডোখৰ নিজান ঠাইত পহৰাদাৰি আৰক্ষী দলটোক দেখি বুলেটখন এৰি চোৰৰ দলটো পলাই যায় । লগে লগে বিষয়া গৰাকীৰ নেতৃত্বত যোৱা আৰক্ষী দলে চুৰি কাৰ্য্যৰ সৈতে জড়িত দলটোক খেদি যায যদিও এন্ধাৰ সুযোগ লৈ দলটো পলাই যাবলৈ সক্ষম হয । উক্ত স্থানতে বাইকখন থৈ আৰক্ষীয়ে পুনৰ পহৰাৰ ব্যৱস্থা কৰিছিল যদিও নিশা পৰ্যন্ত বুলেটখন নিবলৈ নহাত আজি ৰাতিপুৱা ওৰাং থানালৈ বুলেটখন লৈ আহে আৰু তদন্ত আৰাম্ভ কৰাত বাইক খনৰ গৰাকী ৰৌতা মৰা ধনশ্ৰীৰ প্ৰীতম তালুকদাৰ বুলি জানিব পৰা গৈছে । ওৰাং আৰক্ষীৰ এনে বৃহৎ সফলতাক ৰাইজে শলাগ লৈছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অন্ত পৰিল বৃহৎ পতনৰ সৈতে শ্বেয়াৰ বজাৰৰ সপ্তাহ…
- আমেথিৰ সলনি কিয় বাছি ল’লে ৰায়বৰেলী? বিজেপিৰ সমালোচনাৰ মাজতে মুখ খুলিলে ৰাহুল গান্ধীয়ে…
- খালিস্তানী বিচ্ছিন্নতাবাদী হৰদীপ সিং নিজ্জাৰ হত্যাকাণ্ডৰ সৈতে জড়িত গ্ৰেপ্তাৰ ৩ ভাৰতীয় নাগৰিক…
- অসমৰ ১ লাখ ৰাইজক লৈ যাম ৰাম মন্দিৰ দেখুৱাবৰ বাবেঃ মুখ্যমন্ত্ৰী
- কোনোবা কালু, কোনোবা আলু, কোনোবা পাপ্পু! বলীউডৰ পৰিচিত তাৰকাসকলৰ অচিনাকি নাম, ঘৰত কাক, কি বুলি মাতে…
- জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত বায়ুসেনাৰ বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত ৫গৰাকী জোৱান…
- বহু ৰোগীক দৰব দি কৰিছিল হত্যাঃ মাৰ্কিন নাৰ্চক ৭৬০ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে!
- হাইলাকান্দিত আৰক্ষীৰ জালত প্ৰৱঞ্চক ব্যৱসায়ী আব্দুল ৰজ্জাক…
- ৫০ হাজাৰ চাকৰি ওলাব, ছোৱালীৰ বাবে ১৫ হাজাৰ চাকৰি থাকিবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…
- তৃতীয় পর্যায়ৰ নির্বাচনঃ ৫ মে’ৰ সন্ধিয়া ৫ বজাৰ পৰা ৭ মে’ৰ সন্ধিয়া ৫ বজালৈকে চাৰি লোকসভা সমষ্টিত ড্রাই ডে’ ঘোষণা…