ডিমৌত অবৈধ চুলাই ভাটিৰ বিৰোদ্ধে আৰক্ষীৰ অভিযান অব্যাহত,শ শ লিটাৰ অবৈধ চুলাই নষ্ট

এফালে ক’ৰনাৰ ত্ৰাস আনফালে আকৌ দৈনিক বৃদ্ধি পাইছে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা। ক’ৰনাৰ এনে সংকট কালতো কিন্তু একাংশ লোকে চলাই গৈছে অবৈধ সুৰাৰ ব্যৱসায়। দেশত অবৈধ সুৰাই প্ৰাণ কাঢ়ি নিছে বহুলোকৰ। এনে সুৰাৰ প্ৰচলন সমাজৰ এক ব্যাধিস্বৰূপ। ইফালে শিৱসাগৰ জিলাৰ ডিমৌ আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চল সমূহতো ক্ৰমান্বয়ে বৃদ্ধি পাই আছে এনেধৰনৰ অবৈধ সুৰা ব্যৱসায় কৰা লোকৰ সংখ্যা। সেয়ে এই অবৈধ সুৰা ব্যৱসায়ৰ বিৰোদ্ধে সষ্টম হৈ উঠিছে  আৰক্ষী। কালি ডিমৌৰ সমিপৰ নিতাই পুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত বগৰী গুৰিত অবৈধ চুলাই ভাটি উচ্চেদ কৰে নিতাই পুখুৰী আৰক্ষীয়ে। নিতাই পুখুৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দুলুমনি তালুকদাৰৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে এক গোপন সুত্ৰৰ পম খেদি উচ্চেদ কৰে দুটা অবৈধ চুলাই বৃহৎ ভাটি। আনহাতে, উক্ত চুলাই ভাটিকেইতাত আৰক্ষীৰ দলটোৱে কেইবাশ লিটাৰ অবৈধ চুলাই মদ নষ্ট কৰি পেলোৱাৰ লগতে এই চুলাই সমূহ নিৰ্মাণ কাৰ্য্যত ব্যৱহাৰ হোৱা বিভিন্ন সা-সামগ্ৰীও ভাঙী  লণ্ড ভণ্ড কৰে আৰক্ষীৰ দলটোৱে।

Related Articles